Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইয়ো 3:25

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।

নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।

মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল।

কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,

তথাপি তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি, মোৰ সকলো যাতনাত মই জিকাৰ খাই উঠো।

তোমালোকে তৰোৱাললৈ ভয় কৰিছা, এই কাৰণে মই তোমালোকৰ ওপৰলৈ তৰোৱালকেই আনিম’।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন