তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব, আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব।
স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব।
যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়, আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে,
তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।
এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”
বৰং, তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব; তোমালোকে বিলাপ কি ক্ৰন্দন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা আৰু এজনে আন জনৰ আগত কেঁকাবা।