Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইয়ো 22:10

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে; আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে।

অধ্যায়টো চাওক কপি কৰক

12 পৰস্পৰ সংযোগসমূহ  

মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা, আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।

ভয়ৰ শব্দ তাৰ কাণত থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে।

কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব।

তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে, আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।

কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে, তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব।

ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল, তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।

কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।

তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।

যেতিয়া সন্ত্রাস ভয়ঙ্কৰ ধুমুহাৰ দৰে তোমালোকলৈ আহিব, আৰু বা’মাৰলিৰ দৰে তোমালোকৰ ওপৰত দুৰ্যোগ ঘটিব, যেতিয়া বেদনা আৰু ক্লেশ তোমালোকৰ ওপৰলৈ আহিব,

যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন