তাৰ ঘৰৰ সম্পত্তি উড়ি যাব; ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধল পানীয়ে উটুৱাই নিব।
‘শুনক, এনে দিন আহিব যেতিয়া আপোনাৰ ৰাজগৃহত যি সকলো আছে আৰু আপোনাৰ পূর্বপুৰুষসকলে সঞ্চয় কৰা যি যি আজি পর্যন্ত আছে, সকলো বেবিলনলৈ লৈ যোৱা হ’ব। যিহোৱাই কৈছে, একোৱেই বাকী নাথাকিব।
তাৰ সন্তানবোৰে দৰিদ্ৰসকলৰ পৰা অনুগ্ৰহ বিচাৰিব, আৰু তাৰ নিজ হাতে তাৰ ধন-সম্পত্তি ওভোটাই দিব।
সি ধন-সম্পত্তি গ্ৰাস কৰে, আৰু তাক পুনৰাই বতিঁয়াই পেলাব; ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিয়াই পেলাব।
দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি; সেয়ে মোৰ সৰ্ব্বস্ব বিনষ্ট কৰিলেহেঁতেন।
ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল, তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।
ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
অন্য লোকে আপোনালোকৰ গৰু আপোনালোকৰ আগতেই বধ কৰিব, কিন্তু আপোনালোকে তাৰ মাংস খাবলৈ নাপাব; আপোনালোকৰ গাধ আপোনালোকৰ আগৰ পৰা বলপূর্বক ভাবে নিয়া হ’ব কিন্তু ওলোটাই দিয়া নাযাব; আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাক শত্ৰুবোৰক দিয়া হ’ব, কিন্তু আপোনালোকৰ পক্ষত নিস্তাৰ কৰোঁতা কোনো নাথাকিব।
এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল। জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷