Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইয়ো 19:8

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে, আৰু মোৰ পথ আন্ধাৰ কৰিছে।

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ, আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ।

যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, এনে মানুহক কিয় পোহৰ দিয়া হয়?

মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল।

তুমি মোৰ চিনাকিবোৰক মোৰ পৰা দূৰ কৰিছা; তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্র কৰিছা; মই বন্দী হৈ আছোঁ, ওলাই যাব পৰা নাই।

দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে।

তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভাৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।

এই কাৰণে ন্যায় বিচাৰ আমাৰ পৰা বহু দূৰত আছে, আৰু ধাৰ্মিকতাই আমাৰ লগ ধৰিব নোৱাৰে। আমি পোহৰৰ বাবে অপেক্ষা কৰি থাকোঁ, কিন্তু অন্ধকাৰ দেখা পাওঁ, আৰু দীপ্তিলৈ বাট চাই থাকোঁ, কিন্তু ঘোৰ অন্ধকাৰত ভ্ৰমণ কৰোঁ।

তোমালোকৰ ঈশ্বৰ যিহোৱাই অন্ধকাৰ নৌ আনোতেই, অন্ধকাৰময় পৰ্ব্বতত তোমাৰ ভৰি উজুটি নৌ খাওঁতেই, আৰু তোমালোকে পোহৰলৈ বাট চোৱাত তেওঁ তাক মৃত্যুচ্ছায়াত পৰিবৰ্ত্তন নৌ কৰোঁতেই, আৰু তাক ঘোৰ অন্ধকাৰ নৌ কৰোঁতেই তেওঁক গৌৰৱাম্বিত কৰা।

এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব; তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।

তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে।

মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে।

তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে; মই লোৱা প্রতিটো বাটেই বেঁকা।

সেই কাৰণে, মই কাঁইটেৰে তাইৰ পথ বন্ধ কৰিম; মই তাইৰ অহিতে এখন দেৱাল সাজিম যাতে তাই নিজৰ পথ বিচাৰি পাব নোৱাৰে।

কিয়নো তাই জনা নাছিল যে, ময়েই তাইক সেই শস্য, দ্রাক্ষাৰস আৰু তেল দিছিলোঁ; তাইক প্রচুৰ পৰিমাণে ৰূপ আৰু সোণ দিছিলোঁ, যিবোৰ তাই বাল দেৱতাৰ কাৰণে ব্যৱহাৰ কৰিছিল।

ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”

সেই সময়ত যেতিয়া তোমালোকৰ পূর্ব পুৰুষ সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মিচৰীয়াসকলৰ আৰু তোমালোকৰ মাজত অন্ধকাৰ স্থাপন কৰিলে৷ তেওঁ তেওঁলোকৰ ওপৰলৈ সমুদ্ৰ আনিলে আৰু তেওঁলোকক ঢাকি পেলালে৷ মই মিচৰত কৰা কাৰ্য তোমালোকে নিজ চকুৰে দেখিলা৷ তাৰ পাছত তোমালোকে বহুকাল মৰুপ্ৰান্তত বাস কৰিলা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন