তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা, আৰু বাক্যেৰে মোক গুড়ি কৰিবা?
তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ।
তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে,
তোমালোকে এই দহবাৰ মোক অপমান কৰিলা; তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, ইয়াতে তোমালোকে লাজ নোপোৱা।
চোৱা, তোমালোক সকলোৱেই দেখিলা; তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা?
যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে, সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ,
তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব?
হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি? মোৰ পৰা কিমান দিনলৈ তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?
মোৰ শত্ৰুবোৰে যেতিয়া মোক ঠাট্টা কৰি কৈ থাকে যে “তোমাৰ ঈশ্বৰ ক’ত আছে” তেতিয়া মোৰ এনে হ’য় যেন মোৰ শৰীৰৰ অস্থিবোৰ গুড়া হৈ গৈছে।
তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী; তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা।
চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”
তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে; তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।
যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।
জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “হে সকলোৰে শাসনকর্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সোধ-বিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ, তুমি কিমান কাল পলম কৰিবা?”
এইদৰে তাই প্রতিদিনে তেওঁক ইমানকৈ ধৰিলে যে, তেওঁৰ নিজ প্ৰাণত বেজাৰ লাগিল আৰু মৰিবলৈ ইচ্ছা কৰিলে।