মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে, মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল।
মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে, আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে।
শিশুবোৰেও মোক তুচ্ছ জ্ঞান কৰে; মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়।
কিয়নো এতিয়া তোমালোক একো নোহোৱা; তোমালোকে আপদ দেখি ভয় পাইছা।
মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।
কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা; মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰোঁ।
মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল, মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।
মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে; তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে।
তুমি মোৰ চিনাকিবোৰক মোৰ পৰা দূৰ কৰিছা; তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্র কৰিছা; মই বন্দী হৈ আছোঁ, ওলাই যাব পৰা নাই।
কিন্তু যীচুৱে তাক ক’লে, “হে যিহূদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শোধাই দিছা নে?”