হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা; তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।
মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।
মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা, আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।
বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে; বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়; তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান।