Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইয়ো 13:11

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ।

মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা, আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।

কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,

তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে; তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।

ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে; আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল; হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে; আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে।

তোমালোকে বাহিনীসকলৰ যিহোৱাক পবিত্ৰ বুলি সন্মান কৰিবা; তেওঁক ভয় কৰিবা, তেঁৱেই সেই জন যি জনক তোমালোকে ভয় কৰা উচিত।

কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।

এনে জনা যি মই, মোকেই তোমালোকে ভয় নকৰিবা নে? মোৰেই আগত তোমালোকে কম্পিত নহ’বা নে? তোমালোকে এই কথা শুনা, যিহোৱাই কৈছে, যি জনাই চিৰস্থায়ী আদেশেৰে সাগৰৰ সীমা বালিৰে এনেকৈ স্থিৰ কৰিলে, যে, সি তাক পাৰ হব নোৱাৰে, আৰু তেওঁৰ ঢৌবোৰে আস্ফালন কৰিলেও, সেইবোৰে পৰাজয় কৰিব নোৱাৰে, আৰু গৰ্জ্জন কৰিলেও, তাক অতিক্ৰম কৰিব নোৱাৰে।

যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন