Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইব্ৰী 7:27

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আন মহা-পুৰোহিত সকলৰ নিচিনাকৈ প্রতিদিনে প্রথমে নিজৰ আৰু তাৰ পাছত লোক সকলৰ পাপৰ কাৰণে বলি উৎসর্গ কৰাৰ তেওঁৰ কোনো প্রয়োজন নাই, কাৰণ তেওঁ নিজকে বলিৰূপে উৎসর্গ কৰাৰ দ্বাৰাই এই কাম সকলোৰে কাৰণে এবাৰেই সাধন কৰিলে।

অধ্যায়টো চাওক কপি কৰক

23 পৰস্পৰ সংযোগসমূহ  

মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ ওচৰত থকা চাদোক বংশৰ লেবীয়া পুৰোহিতসকলক তুমি পাপাৰ্থক বলিৰ কাৰণে এটা ডেকা ভতৰা দিবা।” এয়েই প্ৰভু যিহোৱাই দিয়া ঘোষণা

তেতিয়া হাৰোণে নিজৰ বাবে লোৱা পাপাৰ্থক বলিৰ দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব। তেওঁ নিজৰ বাবে লোৱা সেই পাপাৰ্থক বলিৰ বাবে অনা দমৰা গৰুটো কাটিব।

তেতিয়া তেওঁ লোকসকলৰ পাপাৰ্থক বলিৰ ছাগলীটো কাটি, তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু দমৰাৰ তেজ লৈ যেনেকৈ কৰিছিল, তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপাবৰণত আৰু পাপাবৰণৰ সন্মূখত তাক ছটিয়াব।

আৰু হাৰোণে পাপাৰ্থক বলিৰ বাবে দমৰা গৰুটো আনি, নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব।

কাৰণ তেওঁ যি মৃত্যুভোগ কৰিলে, সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে; কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে, সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে।

তেওঁতেই আপোনালোক একেলগে গঁথা হৈ, আত্মাত ঈশ্বৰৰ এক আবাস ৰূপে গঢ়ি উঠিছে।

খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।

আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উদ্যোগী হওঁ।

প্ৰতিজন ইহুদী মহা-পুৰোহিতক লোক সকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোক সকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কার্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে।

যেনেকৈ আন লোক সকলৰ পাপৰ কাৰণে তেওঁ বলি উ‌‌ৎসৰ্গ কৰে, তেনেকৈ নিজে দুর্বল হোৱা কাৰণে নিজৰ কাৰণেও তেওঁ সেই বলি উৎসর্গ কৰা আৱশ্যক।

কিন্তু খ্ৰীষ্ট যদি পৃথিৱীত থাকিলহেঁতেন তেওঁ এজন পুৰোহিত হব নোৱাৰিলেহেঁতেন; কিয়নো আগৰ বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰিবলৈ মানুহ আছে;

ছাগলীৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁ নিজৰ তেজৰ গুণে খ্ৰীষ্ট একেবাৰতে সকলোৰে কাৰণে অতি পবিত্ৰ স্থানত সোমাই আমাৰ বাবে অনন্তকাল স্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে।

তেনেহলে যি জনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বলি স্বৰূপে নিজকে উ‌‌ৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কর্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব! যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ৷

কিন্তু মহা-পুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছেৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উ‌‌ৎসৰ্গ কৰিবলৈ যে সোমাল, এনে নহয়;

সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলহেঁতেন; কিন্তু এতিয়া তেওঁ আত্ম-বলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ’ল।

তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎসৃ্ষ্ট হ’লত; দ্বিতীয় বাৰ বিনাপাপে তেওঁলৈ অপেক্ষা কৰি থকা সকলক তেওঁ পৰিত্রাণৰ অৰ্থে দৰ্শন দিব।

কিন্তু দ্বিতীয়টোত হ’লে, কেৱল মহা-পুৰোহিতে অকলে বছেৰেকত এবাৰ সোমায়; তেওঁ নিজৰ পাপৰ কাৰণে আৰু মানুহবোৰে নাজানি কৰা পাপৰ কাৰণে উৎসৰ্গ কৰা পশুৰ তেজ নোলোৱাকৈ নোসোমায়।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন