Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইব্ৰী 10:38

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব; কিন্তু যদি হুঁহকি যায়, তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহ’ব।

অধ্যায়টো চাওক কপি কৰক

24 পৰস্পৰ সংযোগসমূহ  

কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷

কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।

কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।

তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা; দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে।

ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।

সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ; মোৰ মনোনীত লোকত, মোৰ আত্মাই সন্তুষ্ট হৈছে; মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ; তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব।

কিন্তু যদি ধাৰ্মিকজনে তেওঁৰ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু দুষ্ট লোকসকলে কৰা আটাই ঘিণলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম-কৰ্মবোৰৰ একোকেই সোঁৱৰণ কৰা নাযাব। সেই কাৰণে তেওঁ কৰা অপৰাধতেই আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব।

যদি এজন ধাৰ্মিক লোকে নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুটি খোৱা মূঢ়া ৰাখিম আৰু তেওঁৰ মৃত্যু হ’ব, কিয়নো তুমি তেওঁক সতৰ্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম-কৰ্মবোৰ মই সোঁৱৰণ নকৰোঁ; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম।

যেতিয়া মই ধাৰ্মিকৰ বিষয়ে, “তেওঁ জীয়াই থাকিব!”, এই বুলি কওঁ, তেতিয়া যদি তেওঁ নিজ ধাৰ্মিকতাত নির্ভৰ কৰি অপৰাধ কৰে, তেন্তে তেওঁ ধৰ্মকৰ্মবোৰৰ কোনো এটাও সোঁৱৰণ কৰা নহ’ব; তেওঁ কৰা অপৰাধৰ কাৰণে তেওঁ মৰিব।

চোৱা! মানুহৰ আত্মা অহংকাৰী হয়, আৰু নিজেই নিজৰ বাবে ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।

যিসকলে যিহোৱাৰ পাছত চলাৰ পৰা উলটি গৈছে আৰু তেওঁলোকে যিহোৱাৰ ইচ্ছাত চলা নাই নাইবা তেওঁৰ ইচ্ছা জানিবলৈও বিচাৰা নাই, সেই সকলোকে মই নিঃশেষ কৰিম।”

“ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসৰ্গ গ্ৰহণ নকৰিম।

“চোৱা, তেওঁ মোৰ সেৱক, তেওঁক মই মনোনীত কৰিলোঁ। তেৱেঁই মোৰ প্ৰিয়জন, মোৰ প্রাণ তেওঁতেই পৰম সন্তুষ্ট হয়। মই তেওঁৰ ওপৰত মোৰ আত্মা দিম, তাতে তেওঁ অনা-ইহুদী সকলক ন্যায়-বিচাৰ ঘোষণা কৰিব।

কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত, তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। যেতিয়া সেই বাক্যৰ কাৰণে দুখ-কষ্ট বা তাড়না আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে।

কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”

এতিয়া এইটো সুস্পষ্ট যে বিধানৰ দ্বাৰাই ঈশ্বৰৰ দৃষ্টিত কোনো ধাৰ্মিক বুলি গণিত নহয়, কাৰণ “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।”

ইহুদী সকলে প্ৰভু যীচুক আৰু ভাববাদী সকলক হত্যা কৰিছিল আৰু এতিয়া আমাকো তাড়না কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে আৰু সকলো মানুহৰ বিপক্ষত থাকে।

কিন্তু যিবোৰে সৰ্ব্বনাশলৈ হুঁহকি যায়, আমি তেওঁলোকৰ মাজৰ নহওঁ; আমি জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ বাবে বিশ্বাস কৰা সকলৰ মাজৰহে হৈছোঁ।

যিজনে আপোনালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্মিক লোকজনক আপোনালোকে দোষী কৰি বধ কৰিলে।

খ্ৰীষ্টৰ এই শত্রুবোৰ আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন