Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইজ্ৰা 8:33

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

চতুৰ্থ দিনা সেই ৰূপ, সোণ, আৰু বস্তুবোৰ জুখি আমাৰ ঈশ্বৰৰ গৃহত উৰিয়াৰ পুত্ৰ মৰেমোৎ পুৰোহিতৰ হাতত গতাই দিলোঁ। তেওঁৰ লগত পীনহচৰ পুত্ৰ ইলিয়াজৰ আছিল, যেচুৱাৰ পুত্ৰ যোজাবদ আৰু বিন্নইৰ পুত্ৰ নোৱদিয়া, এওঁলোক লেবীয়া আছিল।

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

লেবীয়াসকলৰ মাজত যোজাবদ, চিমিয়ী, কলায়া, তেওঁলোক কলীটা, পথহিয়া, যিহূদা আৰু ইলীয়েজৰ।

লেবীয়াসকল: হোদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা যেচুৱা আৰু কদ্মীয়েলৰ বংশধৰসকলৰ সংখ্যা: চৌসত্তৰ জন।

ৰজা আৰু তেওঁৰ পৰামৰ্শদাতা, কৰ্মচাৰী আৰু ইস্ৰায়েল লোকসকলে আমাৰ ঈশ্বৰৰ গৃহৰ অৰ্থে মুক্তভাৱে দিয়া দান, ৰূপ, সোণ, আৰু সকলো বস্তু জুখি তেওঁলোকক দিলোঁ।

সেয়ে, ছশ পঞ্চাশ কিক্কৰ ৰূপ, এশ কিক্কৰ ৰূপৰ বস্তু, এশ কিক্কৰ সোণ,

পুৰোহিত কৰ্মচাৰী, লেবীয়া আৰু যিৰূচালেমৰ ইস্ৰায়েল বংশৰ পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ আগত ঈশ্বৰৰ গৃহৰ কোঁঠালিত জুখি নিদিয়ালৈকে এইবোৰ চাই থাকক আৰু সযতনে ৰাখক।”

পুৰোহিতসকল আৰু লেবীয়াসকলে ৰূপ, সোণ, আৰু বস্তুবোৰো জুখি গ্রহণ কৰি, যিৰূচালেমত আমাৰ ঈশ্বৰৰ গৃহলৈ সেইবোৰ লৈ যাবৰ বাবে আদেশ দিলে।

সকলোবোৰ গণনা কৰি আৰু জুখি গতাই দিয়া হ’ল; সেই সময়ত সকলোবোৰ বস্তুৰ জোখ লিখি থোৱা হ’ল।

আৰু তেওঁলোকৰ লগৰীয়া সকল চবনিয়া, হোদিয়া, কলীটা, পলায়া, হানন,

হাৰীম, মৰেমোৎ, ওবদিয়া,

লেবীয়া লোক সকল: অজনিয়াৰ পুত্ৰ যেচুৱা, হেনাদদৰ পৰিয়ালৰ বিন্নুই, কদ্মীয়েল,

তেওঁৰ পাছত মৰেমোতে, যিজন উৰিয়াৰ পুত্র আছিল, আৰু উৰিয়া হক্কোচৰ পুত্র। সেই মৰেমোতে ইলিয়াচীবৰ ঘৰৰ দুৱাৰৰ পৰা ইলিয়াচীবৰ ঘৰৰ শেষলৈকে এটা অংশ মেৰামতি কৰিলে।

তেওঁৰ পাছত হেনাদদৰ পুত্ৰ বিন্নুয়ে অজৰিয়াৰ ঘৰৰ পৰা আলমলৈকে এটা অংশ মেৰামতি কৰিলে।

মৰেমোতে তাৰ পাছৰ অংশ মেৰামতি কৰিলে। তেওঁ উৰিয়াৰ পুত্ৰ আছিল আৰু উৰিয়া হক্কোচৰ পুত্র আছিল। তেওঁলোকৰ পাছত মচুল্লমে মেৰামতি কৰিলে। তেওঁ বেৰেখিয়াৰ পুত্ৰ আৰু বেৰেখিয়া মচেজবেলৰ পুত্র আছিল। তেওঁৰ পাছত চাদোকে মেৰামতি কৰিলে। তেওঁ বানাৰ পুত্ৰ।

আৰু যেচুৱা, বানী, চেৰেবিয়া, যামীন, অক্কুব, চবথয়, হোদিয়া, মাচেয়া, কলীটা, অজৰিয়া, যোজাবদ, হানন, পলায়া, আৰু লেবীয়াসকলে, নিজ নিজ ঠাইত থিয় হৈ থকা লোকসকলক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজিবলৈ সহায় কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন