Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



ইজ্ৰা 8:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেয়ে, ইলীয়েজৰ, অৰীয়েল, চময়িয়া, ইলনাথন, যাৰীব, ইলনাথন, নাথন, জখৰিয়া, আৰু মচুল্লম, এই মূখ্য লোকসকলক তেওঁলোকৰ বাবে পঠালোঁ; যোয়াৰিব আৰু ইলনাথন, এওঁলোক শিক্ষক আছিল, এওঁলোককো মই তেওঁলোকৰ বাবে পঠালোঁ।

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ঈশ্বৰে তেওঁক ক’লে, “কিয়নো তুমি এনে বিষয় বিচাৰিলা, আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা,

ইচাখৰৰ পৰা দুশ প্ৰধান লোক আছিল। এওঁলোকে সেই সময়ৰ সকলো কথা জানিছিল আৰু ইস্ৰায়েলে কি কৰা উচিত, সেই বিষয়েও তেওঁলোকে জানিছিল। তেওঁলোকৰ সম্পৰ্কীয় লোকসকলে আজ্ঞাৰ অধীনত আছিল।

যেতিযা পূব দিশৰ দুৱাৰৰ বাবে চিঠি খেলালে তেতিয়া চেলেমিয়াৰ নাম উঠিল। তেওঁৰ পুত্র জখৰিয়া ভাল পৰামৰ্শ দিওঁতা লোক আছিল, চিঠি খেলত উত্তৰ দিশৰ বাবে তেওঁৰ নাম উঠিল।

হীৰমে পুনৰ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক, যিজনে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে আৰু যিজনে যিহোৱাৰ উদ্দেশ্যে এটা গৃহ আৰু নিজৰ বাবে এটা ৰাজ গৃহ সাজিব, এনে দূৰদৰ্শী আৰু বুদ্ধিমান জ্ঞানী পুত্ৰ তেওঁ দায়ুদ ৰজাক দিলে।

হাৰীমৰ বংশধৰসকলৰ মাজত মাচেয়া, এলিয়া, চময়িয়া, যিহীয়েল, আৰু উজ্জিয়া।

চেলেমিয়া, নাথন, অদায়া,

অদোনীকামৰ পাছত অহা বংশধৰসকলৰ মাজত কেইজন লোক আছিল। তেওঁলোকৰ নাম হ’ল: ইলীফেলট, যিয়ুৱেল, আৰু চময়িয়া। তেওঁলোকৰ লগত ষাঠিজন পুৰুষ আহিছিল।

মই তেওঁলোকক অহবালৈ বৈ যোৱা পানীৰ কাষত একত্রিত কৰিলোঁ অাৰু আমি তাত তিন দিন ছাউনি পাতি থাকিলোঁ। মই সকলো লোকৰ লগতে আৰু পুৰোহিতসকলৰ মাজত অনুসন্ধান কৰি চালোঁ, কিন্তু লেবী বংশৰ কোনো এজনক তাত বিচাৰি নাপালোঁ।

তাৰ পাছত মই তেওঁলোকক কচিফিয়াৰ মূখ্যলোক ইদ্দোৰৰ ওচৰলৈ পঠালোঁ। ইদ্দো আৰু তেওঁৰ সম্পৰ্কীয় লোকসকলক কি ক’ব লাগিব, সেই বিষয়ে মই কৈছিলোঁ যে, ‘মন্দিৰৰ যি দাসবোৰ কাচিফিয়াত বসবাস কৰি আছে, তেওঁলোকক ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে আমাৰ ওচৰলৈ পঠিয়াই দিয়ক’।

যিহেতু ঈশ্বৰৰ কৃপাদৃষ্টি আমাৰ ওপৰত আছিল, সেয়ে আমাৰ বাবে এজন ব্যক্তি পঠাই দিলে, তেওঁৰ নাম চেৰেবিয়া আছিল; তেওঁ এজন বিচক্ষণ ব্যক্তি আছিল। তেওঁ আছিল মহলীৰ বংশধৰ। মহলী আছিল, লেবীৰ পুত্র। লেবী আছিল, ইস্ৰায়েলৰ পুত্র। তেওঁ ওঠৰ জন পুত্র আৰু ভাইসকলক লগত লৈ আহিছিল।

কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।

মানুহৰ হৃদয়ৰ অভিপ্রায় গভীৰ জলৰ দৰে; কিন্তু সেই কল্পনা বিবেচক ব্যক্তিয়ে বাহিৰত প্রকাশ কৰে।

দেশৰ আইন উলঙ্ঘনৰ বাবে দেশত অনেক শাসনকৰ্তা হয়; কিন্তু জ্ঞানী আৰু বিবেচনা কৰা লোকৰ দ্বাৰাই শাসন চিৰস্থায়ী হয়।

তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে।

মই যি যি কলোঁ সেই বিষয়ে বিবেচনা কৰিবা, কিয়নো প্ৰভুৱে সকলো বিষয় বুজিবলৈ তোমাক জ্ঞান দিব।

আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন