অৱশিষ্ট থকা ৰূপ আৰু সোণেৰে আপুনি আৰু আপোনাৰ ভাইসকলে আপোনালোকৰ ঈশ্বৰৰ ইচ্ছা অনুসাৰে যি কৰিবলৈ ভাল দেখে তাকে কৰিব।
তদাৰককাৰীসকলৰ পৰা তেওঁলোকে কোনো হিচাপ লোৱাৰ আৱশ্যকতা নাছিল, কাৰণ এই লোকসকল সৎ আছিল।
কিন্তু তেওঁলোকৰ হাতত যি ধন দিয়া হ’ল, তাৰ হিচাপ তেওঁলোকে দিয়াৰ প্রয়োজন নাই। কিয়নো তেওঁলোকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল।
সেয়ে আপুনি ষাঁড়-গৰু, মতা মেৰ-ছাগ, আৰু মেৰ-ছাগ পোৱালিবোৰ, ভক্ষ্য ও পেয়-নৈবেদ্যৰ বাবে কিনক। যিৰূচালেমত থকা আপোনাৰ ঈশ্বৰৰ গৃহৰ যজ্ঞ-বেদিৰ ওপৰত সেই বোৰ উৎসৰ্গ কৰিব।
আপোনাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে আপোনাক মুক্তভাৱে দিয়া বস্তুবোৰ যিৰূচালেমত ঈশ্বৰৰ সাক্ষাতে দি দিব।
যি কোনোৱে ঈশ্বৰৰ বিধান বা ৰজাৰ বিধান সম্পূৰ্ণকৈ পালন নকৰে, তেওঁক প্ৰাণদণ্ডৰ দ্ৱাৰাই বা দেশান্তৰ কৰাৰ দ্ৱাৰাই বা সম্পত্তি আটক কৰণৰ দ্ৱাৰাই, বা বন্দী কৰাৰ দ্ৱাৰাই শাস্তি দিয়া হওক।”
এই হেতুকে আপোনালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক।