ইজ্ৰা 5:2ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, আৰু যোচাদকৰ পুত্ৰ যেচুৱাৰ লগতে যিসকলে তেওঁলোকক উদগণি দিছিল, সেই ভাববাদীসকলৰ সৈতে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কাৰ্য আৰম্ভ কৰিলে। অধ্যায়টো চাওক |
দ্বিতীয় বছৰৰ দ্বিতীয় মাহত তেওঁলোক যিৰূচালেমত থকা ঈশ্বৰৰ গৃহলৈ অহাৰ পাছত, জৰুব্বাবিল, যোচাদকৰ পুত্ৰ যেচুৱা, অৱশিষ্ট পুৰোহিতসকল আৰু লেবীয়াসকল আৰু যিসকল বন্দী অৱস্থাৰ পৰা মুকলি হৈ যিৰূচালেমলৈ আহিছিল, তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। যিহোৱাৰ গৃহৰ কাৰ্যৰ তত্বাৱধান কৰিবলৈ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবীয়াসকলক নিযুক্ত কৰিলে।