তথাপি, বাবিলৰ কোৰচ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত, কোৰচ ৰজাই ঈশ্বৰৰ এই গৃহ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা জাৰি কৰিলে।
সেয়ে হগ্গয় আৰু জখৰিয়া ভাববাদীৰ ভাববাণীৰ নিৰ্দেশ অনুযায়ী যিহূদাৰ বৃদ্ধসকলে নিৰ্ম্মাণ কাৰ্য কৰিলে। তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ আৰু কোৰচ, দাৰিয়াবচ, আৰু পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰৰ আজ্ঞা অনুসাৰে তেওঁলোকে গৃহ নিৰ্ম্মাণ কৰিলে।
যি জনাই কোৰচৰ বিষয়ে কয়, ‘তেওঁ মোৰ মেৰ-ছাগ ৰখীয়া, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিব,’ তেওঁ যিৰূচালেমৰ বিষয়েও কয়, ‘তাক পুনৰ নিৰ্মাণ কৰা হওক,’ আৰু মন্দিৰৰ বিষয়ে কয়, ‘তোমাৰ ভিত্তিমূল স্থাপন কৰা হওক’,”
সেই সকলোকে বাবিললৈ নিয়া হ’ব, আৰু মই সেইবোৰৰ বিচাৰ নকৰা দিনলৈকে সেইবোৰ সেই ঠাইতে থাকিব, ইয়াকে যিহোৱাই কৈছে; সেই দিন উপস্থিত হ’লে, মই সেইবোৰ আনি এই ঠাইত পুনৰাই স্থাপন কৰিম’।”