তেতিয়া যিহোৱাই এই বিষয়ত মন সলনি কৰি ক’লে, “এইদৰে নঘটিব।”
সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।”
ঈশ্বৰে যিৰূচালেমক ধংস কৰিবলৈ এজন দূত তালৈ পঠালে। যেতিয়া তেওঁ ধংস কৰিবলৈ ল’লে, তেতিয়া যিহোৱাই সেই অনিষ্টৰ বিষয়ে চিন্তা কৰি নিজৰ মন সলনি কৰিলে, আৰু তেওঁ ধ্বংসকাৰী দূতক কলে, “এয়ে জুৰিছে, এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱাৰ দূত যিবুচীয়াৰ অৰ্ণনৰ মৰণা মৰা ঠাইত থিয় হৈ আছিল।
তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে; নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে।
তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
হে যিহোৱা, আৰু কিমান কাল? তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।
তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।
কোৱাচোন, যিহূদাৰ হিষ্কিয়া ৰজাই আৰু গোটেই যিহূদাই জানো তেওঁক বধ কৰিছিল? হিস্কিয়াই জানো যিহোৱালৈ ভয় কৰা নাছিল? আৰু তেওঁ জানো যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা নাছিল? তাতে যিহোৱাই তেওঁলোকলৈ কৰিব খোজা অমঙ্গলৰ পৰা জানো নাথামিল? তোমালোকে কোৱাৰ দৰে কৰিলে আৰু নিজ নিজ প্ৰাণৰ অহিতে মহা-অমঙ্গল ঘটাম।
‘তোমালোকে যদি এতিয়াও এই দেশত বাস কৰা, তেন্তে মই তোমালোকক পাতিম, নাভাঙিম, তোমালোকক ৰুম, নুঘালিম; কিয়নো তোমালোকৰ যি অমঙ্গল কৰিছোঁ, সেই বিষয়ে মই ক্ষান্ত হ’লো।
হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।
আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে, আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে।
যি মন্দ, তাক ঘিণ কৰা আৰু যি ভাল, তাক ভালপোৱা। নগৰৰ দুৱাৰত সুবিচাৰ স্থাপন কৰা; তেতিয়া কিজানি যোচেফৰ জীয়াই থকা অৱশিষ্ট লোকৰ প্রতি বাহিনীগণৰ ঈশ্বৰ যিহোৱাই দয়া কৰিব।
পাছত তেওঁলোকে যি কৰিলে আৰু কেনেকৈ তেওঁলোকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰিলে, সেই বিষয়ে যেতিয়া ঈশ্বৰে দেখিলে, তেতিয়া তেওঁ নিজৰ মন ঘূৰালে। তাতে তেওঁ যি শাস্তি দিব বুলি মনস্থ কৰিছিল, তাক তেওঁ নকৰিলে।
যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।
এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।