আমো 7:17ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019সেইবাবে যিহোৱাই এই কথা কৈছে: ‘তোমাৰ ভার্যা নগৰখনৰ মাজত বেশ্যা হ’ব, তোমাৰ ল’ৰা-ছোৱালী তৰোৱালৰ দ্বাৰাই পতিত হ’ব, তোমাৰ মাটি জুখি জুখি আনৰ মাজত ভগাই দিয়া হ’ব; তুমি নিজেও এক অশুচি দেশত মৰিবা, ইস্ৰায়েলক নিজ দেশৰ পৰা দেশান্তৰিত হ’ব’।” অধ্যায়টো চাওক |
মই প্ৰভুক বেদীৰ ওচৰত থিয় হৈ থকা দেখিলোঁ। প্রভুৱে ক’লে, “স্তম্ভবোৰৰ শীর্ষস্থানত আঘাত কৰা যাতে তাৰ ভেঁটিবোৰ কঁপি উঠে। সেই ঠাইৰ সকলো লোকৰ মূৰৰ ওপৰত যাতে সেইবোৰ ডোখৰ ডোখৰকৈ ভাঙি পৰে আৰু যি সকল জীয়াই থাকিব, মই তেওঁলোকক তৰোৱালেৰে বধ কৰিম; তেওঁলোকৰ মাজৰ এজনেও পলাই যাব নোৱাৰিব; তেওঁলোকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব।