Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 47:4

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁলোকে পুনৰ ক’লে, “আমি এই দেশত কিছুকালৰ বাবে থাকিবলৈ আহিছোঁ। কনান দেশত অতিশয় আকাল হোৱাৰ কাৰণে আপোনাৰ এই দাসবোৰৰ পশুৰ জাকে খাবলৈ চৰণীয়া ঠাই পোৱা নাই; সেয়ে দয়া কৰি আপোনাৰ এই দাসবোৰক গোচনত থাকিবলৈ অনুমতি দিয়ক।”

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

পাছত কনান দেশত আকাল হ’ল; আকাল অতিশয়ৰূপে বৃদ্ধি হোৱাত অব্ৰামে মিচৰ দেশত প্ৰবাস কৰিবলৈ নামি গ’ল।

তেতিয়া তেওঁ অব্ৰামক ক’লে, “তুমি এই কথা নিশ্চিতভাৱে জনা উচিত যে তোমাৰ বংশৰ লোকসকল যি দেশত বাস কৰিব, সেই দেশ তেওঁলোকৰ নিজৰ নহয়। সেই ঠাইত তেওঁলোকে প্রবাসী হৈ দাস হ’ব আৰু চাৰিশ বছৰ কাল তেওঁলোকে উৎপীড়ন ভোগ কৰিব।

কনান দেশত আকালে ভয়ানক ৰূপ লৈ উঠিল।

আপুনি আহি গোচন এলেকাত বাস কৰিব; তাতে আপুনি আৰু আপোনাৰ ল’ৰা-ছোৱালী, আপোনাৰ নাতি-নাতিনী, আপোনাৰ পশু আৰু মেৰ-ছাগৰ জাককে আদি কৰি যি সকলো আপোনাৰ আছে, সেই সকলোবোৰ লৈ মোৰ কাষত থাকিব।

তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।”

ফৰৌণে যোচেফক ক’লে, “তোমাৰ পিতৃ আৰু তোমাৰ ভাই-ককাইসকল তোমাৰ ওচৰলৈ আহিল।

তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল, যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে।

কাৰণ প্ৰভু যিহোৱাই এই কথা কৈছে, আগত মোৰ লোকসকল মিচৰলৈ অস্থায়ীভাবে বাস কৰিবলৈ গৈছিল; কিছু দিনৰ আগত অচূৰীয়া সকলে তেওঁলোকক উপদ্ৰৱ কৰিছিল।

গোটেই মিচৰ আৰু কনান দেশত ভীষণ আকাল হোৱাত, মহাক্লেশ হ’ল আৰু আমাৰ পিতৃপুৰুষ সকলৰ খাদ্য বস্তুৰ অভাৱ হ’ল।

ঈশ্বৰে তেওঁক এইদৰে কৈছিল, “তোমাৰ বংশধৰ সকলে বিদেশত প্রৱাস কৰিব৷ সেই দেশৰ মানুহে তেওঁলোকক চাৰি শ বছৰ ধৰি দাসত্বৰ বন্ধনত ৰাখিব আৰু অত্যাচাৰ কৰিব।”

তাৰ পাছত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’ব, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন