যদি সেই পিয়লা আপোনাৰ এই দাসবোৰৰ কোনোবা এজনৰ ওচৰত পোৱা যায়, তেন্তে তাৰ মৃত্যু হওঁক আৰু আমিও প্ৰভুৰ দাস হৈ থাকিম।”
কিন্তু আপোনাৰ দেৱ-দেৱীবোৰক যেয়ে চুৰ কৰি আনিছে, সি জীয়াই নেথাকিব; আমাৰ বস্তুবোৰৰ মাজত যদি আপোনাৰ কিবা বস্তু আছে, তেন্তে আমাৰ উভয়ৰ আত্মীয়-স্বজনৰ সন্মুখতে তাক বিচাৰি লওঁক।” কিয়নো সেই দেৱ-দেৱীৰ মূর্তিবোৰ যে ৰাহেলে চুৰ কৰি আনিছিল, তাক যাকোবে জনা নাছিল।
যোচেফৰ ঘৰলৈ তেওঁলোকক লৈ যোৱাৰ বাবে তেওঁলোকে ভয়তে কোৱাকুই কৰি ক’লে, “আগৰ বাৰত যি ধন আমাৰ বস্তাৰ ভিতৰত উভটি গ’ল, তাৰ কাৰণেই আমাক তালৈ লৈ আনিছে নেকি; এইবাৰ হয়তো আমাৰ বিৰুদ্ধে দোষ বিচাৰি তেওঁ আমাক বন্দী কৰি থ’ব আৰু আমাৰ গাধবোৰকো লৈ আমাক তেওঁৰ দাস কৰি ৰাখিব।”
তেতিয়া ঘৰগিৰীজনে ক’লে, “ঠিক আছে, আপোনালোকৰ কথাৰ দৰেই হওক; কিন্তু যিজনৰ ওচৰত সেই পিয়লা পোৱা যাব, কেৱল তেৱেঁ মোৰ দাস হ’ব; আন সকলো নিৰ্দ্দোষী হ’ব।”
যিহূদাই ক’লে, “মোৰ প্ৰভুকনো আমি কি ক’ম? উত্তৰেইবা কি দিম? কেনেদৰেইবা আমি নিজক নিৰ্দ্দোষী বুলি প্রমাণ কৰিম? আপোনাৰ দাসবোৰৰ অপৰাধ ঈশ্বৰেই প্ৰকাশ কৰি দিলে; যাৰ হাতত সেই পিয়লাটো পোৱা গৈছে, চাওঁক, সি আৰু আমি সকলোৱেই মোৰ প্ৰভুৰ দাস হলোঁ।”
এতেকে মই যদি অন্যায়কাৰী হৈছোঁ, বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰিলোঁ, তেনেহলে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেখেতসকলে মোক যিবোৰ অপবাদ দিছে, সেইবোৰ যদি সঁচা নহয়, তেনেহলে তেখেত সকলৰ হাতত মোক শোধাই দিবলৈ কাৰো শক্তি নাই। মই চীজাৰক আপীল কৰোঁ।”