Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 44:30

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গতিকে, এতিয়া মই আপোনাৰ দাসৰ কাষলৈ অর্থাৎ মোৰ পিতাৰ কাষলৈ যদি ল’ৰাটো অবিহনে উভটি যাওঁ আৰু যিহেতু ল’ৰাটোৰ লগত তেওঁৰ প্রাণ একেলগে বন্ধা আছে,

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

তাতে যোচেফে ক’লে, “এনে কৰ্ম কৰা মোৰ পৰা দূৰ হওঁক; যাৰ হাতত পিয়লাটো পোৱা গৈছে, তেওঁহে মোৰ দাস হ’ব; কিন্তু আন সকলোৱে শান্তিৰে তোমালোকৰ পিতৃৰ কাষলৈ ঘূৰি যোৱা।”

তাতে আমি প্ৰভুক কৈছিলোঁ, ‘আমাৰ এজন বৃদ্ধ পিতা আছে আৰু তেওঁৰ বুঢ়া কালৰ এজন সৰু ল’ৰাও আছে; তাৰ ককায়েকৰ মৃত্যু হৈছে আৰু একে মাকৰ সন্তান হিচাবে সি এতিয়া অকলেই আছে; সেয়ে তাৰ পিতাই তাক অতি মৰম কৰে।

তেতিয়া আমি প্ৰভুক কৈছিলোঁ, ‘ল’ৰাটিয়ে তাৰ পিতাকক এৰি আহিব নোৱাৰে; কিয়নো যদি আহে, তেন্তে তাৰ পিতাৰ মৃত্যু হ’ব।’

সেয়ে ল’ৰাটোক আমাৰ লগত নেদেখিলে, তেওঁৰ নিশ্চয়ে মৃত্যু হ’ব। তাতে আপোনাৰ এই দাসবোৰে আপোনাৰ দাস অর্থাৎ আমাৰ পিতাইক তেওঁৰ পকা চুলিৰে সৈতে শোকতে চিয়োললৈ পঠাব;

কিয়নো, ল’ৰা জনক লগত নিনিয়াকৈ মই কেনেকৈ পিতাৰ ওচৰলৈ উলটি যাম? মোৰ পিতালৈ যি আপদ ঘটিব, তাক মই চাব নোৱাৰিম।”

তেতিয়া ৰজাই অধৈৰ্য হৈ নগৰৰ দুৱাৰৰ ওপৰৰ কোঁঠালিলৈ উঠি ক্ৰন্দন কৰিবলৈ ধৰিলে৷ আৰু ইফাল-সিফালে ফুৰি ক’লে, “হায় মোৰ পুত্ৰ অবচালোম! হায় মোৰ পুত্ৰ! হায় মোৰ পুত্ৰ অবচালোম! তোমাৰ সলনি মই মৰা হ’লেই ভাল আছিল! হায় অবচালোম! হায় মোৰ পুত্ৰ! মোৰ পুত্ৰ!”

দায়ূদে যেতিয়া চৌলৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত সংযুক্ত হ’ল, আৰু যোনাথনে নিজ প্ৰাণৰ দৰে তেওঁক প্ৰেম কৰিবলৈ ধৰিলে।

আৰু এজন লোক আপোনাৰ পাছে পাছে খেদি যাবলৈ আৰু আপোনাৰ প্ৰাণনাশৰ চেষ্টা কৰিবলৈ উঠিলেও, আপোনাৰ ঈশ্বৰ যিহোৱাৰ ওচৰত মোৰ প্ৰভুৰ প্ৰাণ জীৱনস্বৰূপ টোপোলাত বন্ধা থাকিব, আৰু তেওঁ আপোনাৰ শত্ৰুবোৰৰ প্ৰাণ যেন ফিঙ্গাত ৰাখি দলিয়াই পেলাব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন