Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 43:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাতে তেওঁলোকৰ লগত বিন্যামীনক দেখি, যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক ক’লে, “এই লোকসকলক ঘৰৰ ভিতৰলৈ লৈ আহা আৰু এটা পশু মাৰি আহাৰ যুগুত কৰা; এই লোকসকলে দুপৰীয়া মোৰ সৈতে ভোজন কৰিব।”

অধ্যায়টো চাওক কপি কৰক

12 পৰস্পৰ সংযোগসমূহ  

অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিঃসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।”

ইচহাক ক্রমে ডাঙৰ হ’বলৈ ধৰিলে আৰু তেওঁৰ পিয়াহো এৰুৱালে। পিয়াহ এৰুৱাৰ দিনা অব্ৰাহামে এক বৰভোজ পাতিলে।

তেতিয়া ইচহাকে তেওঁলোকলৈ ভোজ যুগুত কৰিলে আৰু তেওঁলোকে ভোজন-পান কৰিলে।

তাৰ পাছত যাকোবে সেই পৰ্ব্বতত পশুবলি উৎসর্গ কৰিলে আৰু তেওঁৰ আত্মীয়সকলক ভোজন কৰিবলৈ মাতিলে; তাতে তেওঁলোকে ভোজন কৰি সেই পৰ্ব্বততে ৰাতিটো কটালে।

যোচেফে যিদৰে ক’লে, ঘৰগিৰীয়ে সেইদৰেই কৰিলে; তেওঁ তেওঁলোকক যোচেফৰ ঘৰলৈ লৈ আহিল।

সেয়ে তেওঁলোকে যোচেফৰ ঘৰৰ দুৱাৰ মুখত ঘৰগিৰীজনৰ কাষলৈ গ’ল।

যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক আদেশ দি ক’লে, “এই লোকসকলে যিমান শস্য লৈ যাব পাৰে, তেওঁলোকৰ বস্তাবোৰ সিমানকৈ পূৰ কৰি দিয়া আৰু প্ৰতিজন লোকৰ ধন তেওঁলোকৰ বস্তাৰ মুখত থ’বা।

তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত, অধিক দূৰ গৈ পোৱাৰ আগতেই যোচেফে তেওঁৰ ঘৰগিৰীক ক’লে, “সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা। তেওঁলোকক লগ পাই ক’বা, ‘তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা? কিয় তোমালোকে মোৰ প্রভুৰ পিয়লা চুৰ কৰিলা?

তেওঁ ৰাতিৰ আহাৰৰ বাবে নিজৰ পশু আৰু দ্রাক্ষাৰস যুগুত কৰিলে; আৰু তেওঁ নিজৰ মেজ সজালে।

তেন্তে মই মোৰ পিঠা আৰু পানী আৰু মোৰ মেৰ-ছাগৰ নোম-কটাসকলৰ কাৰণে ৰখা পশুৰ মাংস, এনে মানুহক দিম নে যি সকল কৰ পৰা আহিছে মই নাজানো?”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন