Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 42:38

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।”

অধ্যায়টো চাওক কপি কৰক

20 পৰস্পৰ সংযোগসমূহ  

যাকোবে চোলাটো চিনি পায় ক’লে, “এইটো মোৰ পুত্ৰৰেই চোলা হয়; কোনো হিংস্র জন্তুৱে তাক খালে; নিশ্চয়ে জন্তুটোৱে যোচেফক ডোখৰ ডোখৰ কৰি ফালি পেলালে।”

তেতিয়া যাকোবে নিজৰ কাপোৰ ফালি কঁকালত চট পিন্ধি বহুদিনলৈকে পুতেকৰ কাৰণে শোক কৰিলে।

তেওঁৰ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক শান্তনা দিবলৈ ধৰিলে; কিন্তু তেওঁ কোনো শান্তনাই নুশুনিলে। তেওঁ ক’লে, “শোক কৰিয়েই মই চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে।

কিন্তু তেওঁলোকে ক’লে, “আপোনাৰ দাস আমি ভাই ককাই বাৰজন; আমি কনান দেশৰ বাসিন্দা এজন লোকৰেই সন্তান; আমাৰ সকলোতকৈ সৰু ভাইটো বর্তমান পিতাৰ ওচৰত আছে আৰু আন এজন ভাই জীৱিত নাই।”

ৰূবেণে তেওঁৰ পিতৃক ক’লে, “মই যদি বিন্যামীনক আপোনাৰ ওচৰলৈ উভটাই আনিব নোৱাৰো, তেন্তে আপুনি মোৰ দুই পুত্ৰকে বধ কৰিব। কেৱল বিন্যামীনক মোৰ হাতত শোধাই দিয়ক, মই পুনৰ তাক আপোনাৰ ওচৰলৈ ঘূৰাই আনিম।”

কিন্তু যোচেফৰ ভায়েক বিন্যামীনক হ’লে, যাকোবে ককায়েকসকলৰ লগত নপঠালে; কিয়নো তেওঁ ক’লে, “কিজানি তাৰ কিবা বিপদ ঘটে।”

তোমালোকৰ ভাইক লৈ সোনকালে সেই লোকৰ ওচৰলৈ আকৌ যোৱাহঁক।

তাতে আমি প্ৰভুক কৈছিলোঁ, ‘আমাৰ এজন বৃদ্ধ পিতা আছে আৰু তেওঁৰ বুঢ়া কালৰ এজন সৰু ল’ৰাও আছে; তাৰ ককায়েকৰ মৃত্যু হৈছে আৰু একে মাকৰ সন্তান হিচাবে সি এতিয়া অকলেই আছে; সেয়ে তাৰ পিতাই তাক অতি মৰম কৰে।

তেতিয়া আমি প্ৰভুক কৈছিলোঁ, ‘ল’ৰাটিয়ে তাৰ পিতাকক এৰি আহিব নোৱাৰে; কিয়নো যদি আহে, তেন্তে তাৰ পিতাৰ মৃত্যু হ’ব।’

এতেকে তুমি নিজ জ্ঞান অনুসাৰে তেওঁলৈ ব্যৱহাৰ কৰিবা আৰু তেওঁৰ পকা চুলি শান্তিৰে মৈদামলৈ নামিব নিদিবা।

সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে, আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়।

প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।

আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।

সূর্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালোঁ; দেখিলোঁ, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা।

যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে, ধন-সম্পদ গোটোৱা আৰু জমা কৰাৰ কার্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।

মই কৈছিলোঁ যে, মোৰ জীৱনৰ আধা ভাগত মই চিয়োলৰ দুৱাৰৰ মাজেৰে যাম; মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ বাবে মোক তালৈ পঠোৱা হৈছে।”

আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন