যোচেফে যে তেওঁলোকৰ কথাবোৰ বুজি পাইছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে; কিয়নো দুভাষীৰ মাধ্যমেদিহে তেওঁ তেওঁলোকৰ সৈতে কথা-বতৰা হৈছিল।
গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।”
তেতিয়া ৰূবেণে তেওঁলোকক উত্তৰ দি ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘ল’ৰাটোৰ প্রতি অন্যায় কৰি পাপ নকৰিবা,’ তথাপিও তোমালোকে নুশুনিলা; এতিয়া চোৱা, আমি তাৰ ৰক্তপাতৰ পৰিশোধ সাধিব লগা হৈছে।”
পাছত যোচেফে তেওঁলোকৰ ওচৰৰ পৰা গ’ল আৰু কান্দিবলৈ ধৰিলে। পুনৰ আহি তেওঁলোকৰ সৈতে কথাবার্তা হ’ল। তেওঁ তেওঁলোকৰ মাজৰ পৰা চিমিয়োনক বাচি ল’লে আৰু তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁক বান্ধিলে।
মই যে নিজ মুখেৰে তোমালোকক এইবোৰ কৈছোঁ, ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাইছা আৰু মোৰ ভাই বিন্যামীনৰ চকুৱেও দেখিছে।
এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি, আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”