তোমালোকৰ কথা সত্য বুলি প্রমাণ হ’বৰ কাৰণে সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়াহে তোমালোকৰ প্রাণ ৰক্ষা পাব।” তাতে তেওঁলোকে সেইদৰে কৰিলে।
ইয়াৰেই তোমালোকক পৰীক্ষা কৰা হ’ব - তোমালোকৰ সৰু ভাই যেতিয়ালৈকে ইয়ালৈ নাহে, তেতিয়ালৈকে তোমালোকে এই ঠাই এৰি যাব নোৱাৰিবা। এই কথা মই ফৰৌণৰ জীৱনৰে শপত খাই কৈছো।
তোমালোক যদি সঁচাই সৎ লোক হোৱা, তেন্তে তোমালোকৰ ভাইসকলৰ মাজৰ পৰা এজন এই কাৰাগাৰত বন্দী হৈ থাকক; বাকী সকলোৱে তোমালোকৰ ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লৈ যাওক।
তাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গাধৰ পিঠিত শস্য বোজা তুলি লৈ তাৰ পৰা প্রস্থান কৰিলে।
তেতিয়া সেই দেশৰ যি জন প্ৰভু, তেওঁ আমাক ক’লে, ‘‘বোলে, ইয়াৰ দ্বাৰায়েই মই জানিম যে তোমালোক সৎ মানুহ, সেয়ে তোমালোকৰ এজন ভাইক মোৰ লগত থৈ, ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লোৱা আৰু নিজ বাটে যোৱা।
তোমালোকৰ সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়া মই জানিম যে, তোমালোক গুপ্তচৰ নোহোঁৱা, কিন্তু সৎ লোক। তেতিয়াহে মই তোমালোকৰ ভাইক তোমালোকলৈ মুকলি কৰি দিম আৰু তোমালোকে এই দেশত ব্যৱসায়-বাণিজ্য কৰিব পাৰিবা।”
সেয়ে তেওঁলোকে যোচেফৰ ঘৰৰ দুৱাৰ মুখত ঘৰগিৰীজনৰ কাষলৈ গ’ল।
যিহূদাই তেওঁক ক’লে, “সেই পুৰুষে আমাক দৃঢ়ভাৱে সতর্ক কৰি দি কৈছিল যে, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা।’
কিন্তু যদি নপঠোৱা, তেন্তে আমি নাযাওঁ; কিয়নো সেই লোকে আমাক কৈছিল, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা’।”
পাছত আপুনি আপোনাৰ এই দাসবোৰক কৈছিল, ‘তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰো।’
কিন্তু আপুনি আপোনাৰ দাসবোৰক কৈছিল, ‘তোমালোকৰ সৰু ভাইক লগত লৈ নাহিলে, তোমালোকে পুনৰ মোৰ মুখ দেখা নাপাবা।’
তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।
তেওঁৰ মাকে দাস সকলক ক’লে, “এওঁ তোমালোকক যিহকে কয়, তাকে কৰিবাহঁক।”