তেতিয়া তেওঁ তেওঁৰ প্ৰভুৰ ঘৰৰ কাৰাগাৰত নিজৰ সৈতে বন্দী হৈ থকা, ফৰৌণৰ সেই দুজন বিষয়াক সুধিলে, “আজি আপোনালোকক কিয় ইমান মন মাৰি থকা দেখা গৈছে?”
ৰাতিপুৱা যোচেফে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মন মাৰি থকা দেখিলে।
এইবুলি কৈ যোচেফে তিনি দিনলৈকে তেওঁলোক সকলোকে কাৰাগাৰত বন্দী কৰি হ’ল।
সি অম্নোনক সুধিলে, হে ৰাজপুত্ৰ তুমি প্ৰতি দিনে এনেকৈ নিৰুৎসাহ হৈছা কিয়? সেই বিষয়ে মোক নোকোৱানে? তেতিয়া অম্নোনে তাক উত্তৰ দি ক’লে, “মোৰ ককাই অবচালোমৰ ভনীয়েক তামাৰলৈ মই প্ৰেমাসক্ত হৈছোঁ।”
কিন্তু ৰজাই মোক ক’লে, “তোমাৰ মুখ কিয় মলিন হৈছে? তোমাক অসুখীয়া যেন লগা নাই জানো। নিশ্চয় এয়া আন্তৰিক বেদনা।” তেতিয়া মোৰ অতিশয় ভয় লাগিল।
যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকে ইজনে সিজনে কি কথা পাতি গৈ আছা?” তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ’ল।
তেওঁ উত্তৰ দিলে, “মই সজা মুৰ্ত্তিবোৰ আৰু পুৰোহিতকো তোমালোকে লৈ গৈছা; এতিয়া মোৰ লগত কি আছে? এনে স্থলত মোৰ ‘কি হ’ল বুলি মোক কিয় সুধিছা’?”
তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”