তেওঁ প্ৰধান পান-পাত্ৰ ধৰোঁতাক আগৰ কামত নিযুক্ত কৰিলে আৰু তেওঁ পুনৰ ফৰৌণৰ হাতত পান-পাত্র তুলি দিলে।
তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ মূৰ উচ্চ কৰি আপোনাক পুনৰ আগৰ কার্যত নিযুক্তি দিব; আপুনি আগেয়ে পান-পাত্ৰ ধৰোঁতা হৈ যেনেকৈ ফৰৌণৰ হাতত পান-পাত্ৰ তুলি দিছিলে, তেনেকৈয়ে আকৌ দিব।
ফৰৌণে তেওঁৰ এই প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান পিঠা প্রস্তুতকাৰী বিষয়া দুজনৰ ওপৰত ক্রোধিত হৈছিল।
আৰু তেওঁ যেনেকৈ আমাক সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে আমালৈ ঘটিল। মোক মহাৰাজে পুনৰায় আগৰ পদতে নিযুক্ত কৰিলে, কিন্তু অন্য সকলক হ’লে ফাঁচি দিলে।”
হে যিহোৱা, বিনয় কৰোঁ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা শুনক, আৰু যিসকলে আপোনাৰ নাম গৌৰৱাম্বিত কৰি আনন্দিত হয়, তেওঁলোকৰো প্ৰাৰ্থনা শুনক। বিনয় কৰোঁ, আজি আপোনাৰ এই দাসক কৃতকাৰ্য হ’বলৈ দিয়ক, আৰু এই ব্যক্তিৰ সাক্ষাতে তেওঁক অনুগ্ৰহ দান কৰক।” মই ৰজাৰ পান-পাত্ৰ ধৰোঁতাৰূপে সেৱা কৰিছিলোঁ।
ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বিশ বছৰৰ নীচান মাহত, তেওঁ দ্ৰাক্ষাৰস বাছি ল’লে, আৰু মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলোঁ। তাৰ আগেয়ে মই ৰজাৰ আগত কেতিয়াও মুখ মলিন কৰা নাই।
যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়, তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল।