যিহূদাই সেই মহিলাৰ হাতৰ পৰা বন্ধক মোকোলাই নিবলৈ, তেওঁৰ বন্ধু অদুল্লমীয়াৰ হাতত নিজৰ জাকৰ পৰা ছাগলী পোৱালিটো পঠাই দিলে। কিন্তু তেওঁ আহি তাইক নেপালে।
তেতিয়া অবীমেলকে অব্ৰাহামক মাতি আনি ক’লে, “আপুনি আমাৰ লগত এইটো কি কাম কৰিলে? মইনো আপোনাৰ বিৰুদ্ধে কি দোষ কৰিলোঁ যে আপুনি মোক আৰু মোৰ ৰাজ্যক ইমান ডাঙৰ এক মহাপাপত পেলালে। মোলৈ এই ধৰণৰ ব্যৱহাৰ কৰা আপোনাৰ মুঠেই উচিত হোৱা নাই।”
পাছত যিহূদাই তেওঁৰ ভায়েক ককায়েকসকলক এৰি অদুল্লমীয়া হীৰা নামৰ এজন লোকৰ লগত বাস কৰিলেগৈ।
পাছত তামাৰে উঠি গুচি গ’ল আৰু ওৰণি গুচাই নিজৰ বিধৱা-বস্ত্ৰ পিন্ধিলে।
তেতিয়া তেওঁ সেই ঠাইৰ লোকসকলক সুধিলে, “ঐনয়িমৰ বাটৰ ওচৰত যি মন্দিৰৰ দেৱদাসী আছিল, তাই ক’ত?” তেওঁলোকে ক’লে, “ইয়াত কোনো দেৱদাসী নাই।”
দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাদবৰ নামেৰে অম্নোনৰ এজন বন্ধু আছিল৷ যোনাদব এজন বৰ চতুৰ লোক আছিল।
তুমি নিজ ভাইক নিজ মনত ঘিণ নকৰিবা; তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নব’বলৈ, অৱশ্যে তেওঁক সতৰ্ক কৰিবা।
সেই দিনৰ পৰা হেৰোদ আৰু পীলাত পৰস্পৰ বন্ধু হ’ল (ইয়াৰ আগেয়ে তেওঁলোকৰ মাজত শত্ৰু ভাব আছিল) ৷
পাছত চিমচোনে নিজৰ প্রিয় মিত্ৰক তেওঁৰ পত্নীক দি দিলে।