Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 37:9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত যোচেফে আন এটা সপোন দেখিলে আৰু তেওঁৰ ককায়েকসকলক তাক ক’লে। তেওঁ ক’লে, “শুনা, মই আন এটা সপোন দেখিলোঁ; মই দেখিলোঁ যে সূৰ্য, চন্দ্ৰ আৰু এঘাৰটা তৰাই মোৰ আগত প্ৰণিপাত কৰিলে।”

অধ্যায়টো চাওক কপি কৰক

19 পৰস্পৰ সংযোগসমূহ  

কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।”

তেওঁ এই সপোনৰ কথা ককায়েকসকলক কোৱাৰ দৰে বাপেককো কোৱাত বাপেকে তেওঁক ধমকি দি ক’লে, “তই এইটো কি সপোন দেখিলি? তোৰ মাৰ, মই আৰু ককায়েৰহঁতে তোৰ আগত মাটিত পৰি প্ৰণিপাত কৰিবলৈ আহিম নে?”

মই দেখিলোঁ যে আমি পথাৰত কাটি থোৱা শস্যৰ মুঠি বান্ধিছিলোঁ; তাতে মোৰ মুঠিটো পোন হৈ উঠি থিয় হ’ল; তাৰ পাছত তোমালোকৰ মুঠিবোৰে মোৰ মুঠিৰ চাৰিওফালে থিয় হৈ প্ৰণিপাত কৰিলে।”

তাতে তেওঁৰ ককায়েকসকলে তেওঁক ক’লে, “তেনেহ’লে তই সচাঁকৈয়ে আমাৰ ওপৰত ৰজা হবি নেকি? আমাৰ ওপৰত সঁচাই তই অধিকাৰ চলাবি নেকি?” এইদৰে তেওঁৰ সপোন, আৰু তেওঁৰ কথাৰ কাৰণে ককায়েকসকলে আৰু অধিককৈ তেওঁক ঘিণ কৰিলে।

তেতিয়া যোচেফে ফৰৌণক ক’লে, “ফৰৌণৰ সপোনৰ অৰ্থও একেই। ঈশ্বৰে যি কৰিব খুজিছে, তাক তেওঁ ফৰৌণক জনাইছে।

ফৰৌণৰ আগত দুবাৰ এই সপোন দেখুৱা হৈছে। ইয়াৰ কাৰণ হৈছে ঈশ্বৰে, নিজ মন স্থিৰ কৰিছে আৰু ঈশ্বৰে অতি শীঘ্ৰেই এই সকলো কৰিব।

সেই সময়ত যোচেফ মিচৰ দেশৰ অধ্যক্ষ আছিল। তেৱেঁই দেশৰ সকলো লোকক শস্য বেচিছিল। যেতিয়া যোচেফৰ ককায়েকসকলে গৈ তেওঁৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে,

যোচেফ যেতিয়া ঘৰলৈ আহিল, তেতিয়া তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ ঘৰৰ ভিতৰলৈ আনি তেওঁক দিলে আৰু মাটিত উবুৰি হৈ পৰি তেওঁক প্ৰণিপাত কৰিলে।

তেওঁলোকে ক’লে, “আপোনাৰ দাস আমাৰ পিতৃ এতিয়াও জীয়াই আছে আৰু তেওঁ ভালে আছে।” এই বুলি তেওঁলোকে উবুৰি হৈ প্ৰণিপাত কৰিলে।

যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েকসকল যেতিয়া যোচেফৰ ঘৰ আহি পালে, যোচেফ তেতিয়াও তাতে আছিল। তেওঁলোকে তেওঁৰ সন্মুখলৈ গৈ মাটিত উবুৰি হৈ পৰিল।

মোৰ প্ৰভুৱে তেওঁৰ এই দাসবোৰক সুধিছিল, ‘তোমালোকৰ পিতৃ আৰু কোনো ভাই আছে নে?’

এতিয়া তোমালোকে অতি শীঘ্রেই পিতাৰ ওচৰলৈ গৈ তেওঁক কোৱাগৈ যে, “আপোনাৰ পুত্র যোচেফে এই কথা কৈছে, ‘ঈশ্বৰে মোক সমুদায় মিচৰ দেশৰ অধিপতি কৰিলে; আপুনি এতিয়া পলম নকৰি মোৰ ওচৰলৈ নামি আহঁক।

যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে।

যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে।

সি ইমান ডাঙৰ হ’ল যে, স্বৰ্গৰ বাহিনীসকলৰ সৈতে যুদ্ধ কৰিবলৈ ল’লে। বাহিনীসকলৰ কিছুমানক আৰু তৰা কিছুমানক মাটিত পেলাই ভৰিৰে গচকিলে।

যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।

যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন