তাৰ পাছত, ব’লা আমি বৈৎএললৈ যাওঁহঁক; তাত ঈশ্বৰৰ উদ্দেশ্যে এটা যজ্ঞবেদি নির্ম্মাণ কৰিম, যিজনা ঈশ্বৰে মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগত আছিল।”
চোৱা, মই তোমাৰ লগত আছোঁ; তুমি যি যি ঠাইলৈ যাবা, মই তোমাক ৰক্ষা কৰিম আৰু পুনৰায় মই তোমাক এই দেশলৈ ওলোটাই আনিম; কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁমানে, মই তোমাক ত্যাগ নকৰিম।”
তেতিয়া যিহোৱাই যাকোবক ক’লে, “তুমি তোমাৰ পূর্বপুৰুষসকলৰ দেশলৈ, নিজৰ আত্মীয়সকলৰ ওচৰলৈ উভটি যোৱা; মই তোমাৰ সঙ্গী হ’ম।”
মোৰ পিতৃ ঈশ্বৰ, যিজন অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ভয়ৰ পাত্র, তেওঁ মোৰ সঙ্গী নোহোৱা হলে, আপুনি নিশ্চয়ে মোক আজি শুদা-হাতেই বিদায় দিলেহেঁতেন। ঈশ্বৰে মোৰ দুখ আৰু কঠোৰ পৰিশ্ৰমলৈ দৃষ্টি কৰিলে। সেইবাবেই যোৱা ৰাতি তেওঁ আপোনাক ধমকি দিলে।”
তাতে যাকোব সেই ঠাইত অকলে থাকিল। তেতিয়া এজন পুৰুষে আহি ৰাতিপুৱা নোহোৱা পর্যন্ত তেওঁৰ সৈতে মল্লযুদ্ধ কৰিলে।
তাতে যাকোবে অতিশয় ভয় খালে আৰু তেওঁৰ মন অস্থিৰ হৈ পৰিল। সেয়ে তেওঁ তেওঁৰ লগত থকা লোকসকলক, গৰু, গাধ, মেৰ-ছাগ আৰু ছাগলী, উট আদি পশুৰ জাকবোৰক দুটা দলত ভাগ কৰিলে।
তেতিয়া তেওঁলোকৰ হাতত বিদেশৰ যিমানবোৰ দেৱ-দেৱী আছিল যাকোবক দিলে। তাৰ লগতে কাণৰ কুণ্ডলবোৰো যাকোবক দিলে; যাকোবে সেই সকলোকে লৈ চিখিম নগৰৰ ওচৰত ওচৰৰ এলা গছজোপাৰ ত’লতে পুতি থলে।
তেওঁ তাত এটা যজ্ঞবেদি নিৰ্মাণ কৰিলে। তেওঁ সেই ঠাইৰ নাম এল বৈৎএল ৰাখিলে, কিয়নো, তেওঁ নিজৰ ককায়েকৰ ওচৰৰ পৰা পলাই অহাৰ সময়ত, ঈশ্বৰে সেই ঠাইতে তেওঁক দৰ্শন দিছিল।
পাছত তেওঁ যোচেফক আশীৰ্ব্বাদ কৰি ক’লে, “যি ঈশ্বৰৰ সাক্ষাতে মোৰ ওপৰপিতৃ অব্ৰাহাম আৰু ইচহাক চলিছিল, যি ঈশ্বৰে পূৰ্বৰে পৰা আজিলৈকে মোক প্ৰতিপালন কৰি আহিছে,
তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে; তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে।
মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
কিয়নো লোকসকল যিৰূচালেমৰ চিয়োনত বাস কৰিব; সেয়ে তোমালোকে আৰু নাকান্দিবা। তোমালোকৰ কাতৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমালোকক দয়া কৰিব। শুনা মাত্ৰকেই তেওঁ তোমালোকক উত্তৰ দিব।
তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
তাৰ পাছত তুমি তাৰ পৰা আগবাঢ়ি গৈ তাবোৰৰ এলোন গছজোপা পাবা। বৈৎএললৈ ঈশ্বৰৰ ওচৰলৈ যোৱা তিনিজন লোকক তুমি তাত পাবা, তাৰে এজনে তিনিটা ছাগলী পোৱালি, আন জনে তিনিটা পিঠা, আৰু আন জনে এক মোট দ্ৰাক্ষাৰস কঢ়িয়াই অনা দেখিবা।