Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 33:19

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত তেওঁ নিজৰ তম্বু তৰা মাতি ডোখৰ চিখিমৰ বাপেক হমোৰৰ সন্তান সকলৰ পৰা কিনি ললে।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

আৰু বাসিন্দাসকলে শুনাকৈ ইফ্রোণক ক’লে, কিন্তু “মই সেই মাটিৰ উচিত দাম আপোনাক দিবলৈ বিচাৰো। মই দিয়া দাম অনুগ্রহ কৰি আপুনি গ্রহণ কৰক, পাছত মই সেই ঠাইত মোৰ মৃত পত্নীক মৈদাম দিম।”

“হে মোৰ মালিক, মোৰ কথা শুনক, চাৰিশ চেকল ৰূপৰ মাটি; আপোনাৰ আৰু মোৰ মাজত সিনো কি বস্তু? এতেকে আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ।”

সেই ঠাইত তেওঁ এটা যজ্ঞবেদি স্থাপন কৰি তাৰ নাম এল-এলোহে ইস্ৰায়েল ৰাখিলে।

তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন নগৰলৈ আহিল। এই নগৰ খন যাকোবে তেওঁৰ পুতেক যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল।

তেওঁলোকৰ দেহ চিখিমলৈ নি মৈদাম দিয়া হ’ল; সেই মৈদাম অব্ৰাহামে চিখিমত হমোৰৰ পুতেকহঁতৰ পৰা ধন দি কিনিছিল।

ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল।

এবদৰ পুতেক গালে ক’লে, “অবীমেলক কোন যে আমি চিখিমৰ লোকসকল তেওঁৰ অধীনত থাকিম? তেওঁ জানো যিৰুব্বালৰ পুতেক নহয়? জবুল জানো তেওঁৰ শাসনাধিপতি নহয়? আপোনালোকে বৰং চিখিমৰ বাপেক হমোৰৰ বংশধৰসকলৰ অধীন হৈ থাকক; কিয় আমি অবীমেলকৰ অধীনত থাকিম?




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন