Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 30:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ৰাহেলে ক’লে, “চাওঁক, মোৰ দাসী বিলহা আছে; আপুনি তাইৰ সৈতে শয়ন কৰক যাতে তাই মোৰ কোলাত সন্তান দিব পাৰে আৰু মই তাইৰ দ্বাৰাই সন্তান লাভ কৰিম।”

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

পাছত লেয়াই নিজে গর্ভধাৰণ কৰিবলৈ এৰা দেখি, তেৱোঁ নিজৰ দাসী জিল্পাক যাকোবৰ ভার্য্যা কৰি দিলে।

এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক ৰাহেলৰ লগত দিয়া বিলহাৰ যোগেদি জন্ম হোৱা যাকোবৰ সন্তান। এওঁলোক সৰ্ব্বমুঠ সাতজন আছিল।

এইদৰে যোচেফে ইফ্ৰয়িমৰ পৰিনাতি দেখিবলৈ পালে। তেওঁ মনচিৰ পুতেক মাখীৰৰ সন্তান সকলকো দেখা পালে। তেওঁ তেওঁলোকক কোলাত লবলৈ পালে।

কোলাই মোক কিয় ল’লে? আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে?

নগৰৰ ভিতৰত থকা সকলো লোক আৰু বৃদ্ধসকলে ক’লে, “আমি ইয়াৰ সাক্ষী হ’লো; যি গৰাকী মহিলা তোমাৰ বংশত প্ৰৱেশ কৰিলে, যিহোৱাই তেওঁক ইস্ৰায়েল বংশ স্থাপন কৰা যি ৰাহেল আৰু লেয়া আছিল, এওঁকো তেওঁলোকৰ দৰে কৰক; আৰু ইফ্ৰাথাত তোমাৰ পৰাক্ৰম আৰু বৈৎলেহেমত তোমাৰ সুখ্যাতি হওক।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন