তেতিয়া যাকোবে সেইদৰেই কৰিলে আৰু লেয়াৰ সপ্তাহো সম্পূর্ণ কৰিলে। তাৰ পাছত লাবনে তেওঁৰ জীয়েক ৰাহেলকো তেওঁৰ লগত বিয়া দিলে।
এতিয়া তুমি মোৰ এই ছোৱালীৰ বিবাহৰ উৎসৱ সপ্তাহ পূর্ণ কৰা। তুমি আৰু সাত বছৰ মোৰ সেৱা কৰিলে, আমি তোমাক আন জনীও দিম।”
লাবনে তেওঁৰ দাসী বিলহাকো জীয়েক ৰাহেলক তেওঁৰ দাসী ৰূপে দিলে।
তেতিয়া আপোনাৰ দাস অর্থাৎ মোৰ পিতায়ে আমাক ক’লে, ‘তোমালোকেতো জানাই যে মোৰ ভাৰ্যাই মোলৈ দুটি পুত্ৰ প্ৰসৱ কৰিছিল।
যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়, আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
নিজ তিৰোতাৰ সতিনী খটাবলৈ তাই জীয়াই থকা কালত, উলঙ্গতা অনাবৃত কৰিবৰ অৰ্থে তাইৰ লগত বায়েক বা ভনীয়েকক বিয়া নকৰিবা।