Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 29:25

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ৰাতিপুৱা হোৱাত যাকোবে আচৰিত হৈ দেখিলে যে, এওঁ দেখুন লেয়াহে! যাকোবে লাবনক ক’লে, “আপুনি মোলৈ এইটো কি কাম কৰিলে? ৰাহেলৰ কাৰণে মই জানো আপোনাৰ সেৱা কৰা নাছিলো? তেন্তে মোক কিয় ছলনা কৰিলে?”

অধ্যায়টো চাওক কপি কৰক

18 পৰস্পৰ সংযোগসমূহ  

ফৰৌণে অব্ৰামক মাতি ক’লে, “আপুনি মোৰ লগত এইটো কি কাম কৰিলে? এওঁ যে আপোনাৰ ভাৰ্যা, তাক মোক কিয় কোৱা নাছিল?

তেতিয়া অবীমেলকে অব্ৰাহামক মাতি আনি ক’লে, “আপুনি আমাৰ লগত এইটো কি কাম কৰিলে? মইনো আপোনাৰ বিৰুদ্ধে কি দোষ কৰিলোঁ যে আপুনি মোক আৰু মোৰ ৰাজ্যক ইমান ডাঙৰ এক মহাপাপত পেলালে। মোলৈ এই ধৰণৰ ব্যৱহাৰ কৰা আপোনাৰ মুঠেই উচিত হোৱা নাই।”

তেতিয়া অবীমেলকে ক’লে, “তুমি আমালৈ এইটো কি কাম কৰিলা? লোকসকলৰ মাজৰ কোনো এজনে তোমাৰ ভাৰ্যাৰে সৈতে অনায়েসে শয়ন কৰিব পাৰিলেহেঁতেন; সেয়ে হোৱা হ’লে তুমি আমাক দোষী সাব্যস্ত কৰিলাহেঁতেন।”

লাবনৰ দুজনী জীয়েক আছিল; তাৰে বৰ জনীৰ নাম লেয়া আৰু সৰু জনীৰ নাম ৰাহেল।

লাবনে নিজৰ দাসী জিল্পাক জীয়েক লেয়াক তেওঁৰ দাসী হিচাবে দিলে।

তেতিয়া লাবনে ক’লে, “ডাঙৰ জনীৰ আগেয়ে সৰু জনীক বিয়া দিয়া আমাৰ নিয়ম নাই।

পাছত লাবনে যাকোবক ক’লে, “তুমি এইয়া কি কৰিলা? কিয় মোক ঠগালা আৰু মোৰ ছোৱালীবোৰক যুদ্ধৰ বন্দীৰ দৰে লৈ আহিলা?

তথাপিও তোমালোকৰ পিতৃয়ে মোক প্রতাৰনা কৰিলে আৰু মোৰ বেচ দহ বাৰকৈ সলনি কৰিলে। যিয়েই নহওঁক, ঈশ্বৰে মোৰ কোনো ক্ষতি কৰিবলৈ তেওঁক নিদিলে।

সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়, তেনেহ’লে কিমান অধিক পৰিমাণে দুষ্টলোক আৰু পাপীয়ে পাব।

এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।

কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।

তৃতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰা নে?” পিতৰে অসন্তোষ কৰি ক’লে, ‘তেওঁ কিয় আকৌ তৃতীয় বাৰ এই কথা সুধিলে, তুমি মোক ভাল পোৱা নে?’ ইয়াকে ভাবি তেওঁ ক’লে, “হে প্ৰভু, আপুনি সকলো জানে; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেৰবোৰক চৰোৱা।

তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব।

যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।

তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।

নগৰৰ ভিতৰত থকা সকলো লোক আৰু বৃদ্ধসকলে ক’লে, “আমি ইয়াৰ সাক্ষী হ’লো; যি গৰাকী মহিলা তোমাৰ বংশত প্ৰৱেশ কৰিলে, যিহোৱাই তেওঁক ইস্ৰায়েল বংশ স্থাপন কৰা যি ৰাহেল আৰু লেয়া আছিল, এওঁকো তেওঁলোকৰ দৰে কৰক; আৰু ইফ্ৰাথাত তোমাৰ পৰাক্ৰম আৰু বৈৎলেহেমত তোমাৰ সুখ্যাতি হওক।

তেতিয়া সেই মহিলাই চমূৱেলক দেখা পালে আৰু বৰকৈ চিঞৰিলে। পাছত তাই চৌলক ক’লে, “আপুনি মোক কিয় প্ৰতাৰণা কৰিলে? আপুনিয়েই চৌল।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন