যাকোবৰ হাত আৰু ডিঙিৰ মসৃণ অংশত সেই ছাগলী পোৱালি দুটাৰ ছালবোৰ লগাই দিলে
তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গা নোমাল বস্ত্ৰৰ নিচিনা নোমাল হৈ ওলাল; এই কাৰণে তেওঁলোকে তাৰ নাম এচৌ ৰাখিলে।
তাৰ পাছত ৰিবেকাই তেওঁৰ ওচৰত ঘৰতে থকা বৰ পুতেক এচৌৰ আটাইতকৈ উত্তম বস্ত্ৰ লৈ সৰু পুতেক যাকোবক পিন্ধালে।
সেই সু-স্বাদু আহাৰ আৰু পিঠা নিজে যুগুত কৰা তেওঁৰ পুত্ৰ যাকোবৰ হাতত দিলে।
ইচহাকে যাকোবক চিনি নাপালে, কাৰণ তেওঁৰ হাত দুখন ককায়েক এচৌৰ হাতৰ দৰে নোমাল আছিল। সেয়ে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰিলে।