অব্ৰাহাম মুঠ 175 বছৰ জীয়াই আছিল।
পাছত অব্ৰামে যিহোৱাৰ কথা মতে যাত্ৰা কৰিলে আৰু লোট তেওঁৰ লগত গ’ল। হাৰণ নগৰৰ পৰা ওলাই যোৱাৰ সময়ত অব্ৰামৰ বয়স আছিল পঁয়সত্তৰ বছৰ।
ইচহাক এশ আশী বছৰ জীয়াই আছিল।
ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।
মিচৰ দেশত যাকোবে সোঁতৰ বছৰ জীয়াই থাকিল। সেয়ে, তেওঁ সৰ্ব্বমুঠ এশ সাতচল্লিশ বছৰ জীয়াই আছিল।
যাকোবে ক’লে, “মোৰ আয়ুসৰ যাত্রাকাল এশ ত্ৰিশ বছৰ; মোৰ জীৱনৰ আয়ুস অলপদিনীয়া আৰু দুখজনক। মোৰ পূর্বপুৰুষসকলে যিমান দীর্ঘ দিনলৈকে জীৱন কটাইছিল, মই সিমান আয়ুস পোৱা নাই।”
এইদৰে যোচেফ এশ দহ বছৰ বয়সত মৰিল; পাছত তেওঁক সুগন্ধিদ্ৰব্য যুক্ত কৰি, মিচৰত এটা পেড়াত ভৰাই ৰখা হ’ল।