Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 25:22

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁৰ গর্ভত যমজ সন্তান আছিল আৰু সিহঁতে ইটোৱে সিটোক ঠেলা-ঠেলি কৰিব ধৰিলে; সেয়ে ৰিবেকাই ক’লে, “মোৰ কিয় এনেকুৱা হৈছে?” এইবুলি কাৰণটোনো কি তাক জানিবলৈ তেওঁ যিহোৱাক সুধিবলৈ গ’ল।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি, নিজৰ সন্তান সকলক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই প্রতিমাৰে সৈতে নিজকে অশুচি কৰা নাই নে? তেন্তে হে ইস্ৰায়েল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম? “‘“প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ।”’”

প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম।

তেতিয়া লোকসকলে যিহোৱাক বহুতো প্ৰশ্ন সুধিব খুজিলে, “এতিয়াও এই ঠাইলৈ আন এজন মানুহ আহিব লগা আছে নে?” যিহোৱাই উত্তৰ দিলে, “সেই পুৰুষ মালবস্তুৰ মাজত লুকাই আছে।”

আজি প্ৰথমবাৰ মই তেওঁৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নেকি? সেয়ে মোৰ পৰা দূৰ হওক! মহাৰাজ, আপোনাৰ এই দাসক আৰু মোৰ সকলো পিতৃ-বংশক দোষ নিদিব; কিয়নো আপোনাৰ দাসে এই বিষয়ে কোনো কথাই গম পোৱা নাছিল।”

তেতিয়া চৌলে সহায় বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যিহোৱাই সপোনৰ দ্বাৰাই, বা উৰীমৰ দ্বাৰাই, বা ভাববাদীসকলৰ দ্বাৰায়ে হওক, কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে।

তেতিয়া যিহোৱাৰ পৰা নিৰ্দেশনা পাবৰ বাবে দায়ূদে প্ৰাৰ্থনা কৰি সুধিলে, “মই যদি তেওঁলোকক ধৰিবৰ বাবে খেদি যাওঁ, তেনেহলে তেওঁলোকক লগ পাম নে? তাতে যিহোৱাই তেওঁক ক’লে, “তেওঁলোকৰ পাছে পাছে খেদি যোৱা, তাতে অৱশ্যে তেওঁলোকক লগ পাবা, আৰু নিশ্চয়ে তেওঁলোকৰ পৰা সকলোকে উদ্ধাৰো কৰিব পাৰিবা।”

(আগৰ সময়ত ইস্ৰায়েলত, যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, “আহাঁ, আমি ভাববাদীৰ ওচৰলৈ যাওঁ”।’ কাৰণ বৰ্তমানত যাক ভবিষ্যত বক্তা বোলা হয়, আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল)।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন