Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 24:28

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত সেই ছোৱালীজনী বেগাই ঘৰলৈ গ’ল আৰু মাকৰ লগতে ঘৰৰ সকলোকে এই সকলো কথা ক’লে।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

ৰিবেকাৰ লাবন নামেৰে এজন ককায়েক আছিল; তেতিয়া লাবনে বেগাই সেই ভুমুকৰ ওচৰত থকা সেই পুৰুষজনৰ ওচৰলৈ গ’ল।

তেতিয়া মই মুৰ দোৱালো আৰু যিহোৱাৰ আৰাধনা কৰিলোঁ। ধন্য যিহোৱা, মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ; মোৰ প্ৰভুৰ পুত্ৰৰ বাবে তেওঁৰ আত্মীয়ৰ পৰা কন্যা বিচাৰি আনিবলৈ তেওঁ মোক সঠিক পথত চলায় আনিলে।

তেতিয়া তেওঁৰ ককায়েক আৰু মাকে ক’লে, “আমাৰ লগত পুনৰ কিছু দিনলৈ কন্যাজনী থাকক; অতি কমেও দহ দিন মান থাকক। তাৰ পাছত তেওঁ যাব।”

তেতিয়া ইচহাকে নিজ মাতৃ চাৰাৰ তম্বুলৈ ৰিবেকাক লৈ গ’ল আৰু ইচহাকে তেওঁক গ্ৰহণ কৰিলে, তাতে ৰিবেকা তেওঁৰ ভাৰ্যা হ’ল। আৰু ইচহাকে তেওঁক প্ৰেম কৰিলে; তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত, তেওঁ শান্ত্বনা পালে।

তেওঁ ৰাহেলক জনালে যে, তেওঁ তাইৰ পিতৃৰ আত্মীয়, ৰিবেকাৰ ল’ৰা। তেতিয়া ৰাহেলে দৌৰি গৈ নিজৰ পিতৃক এই কথা জনালে।

তেতিয়া লাবনে এটা এটাকৈ যাকোব, লেয়া আৰু দুজনী দাসীৰ তম্বুত সোমাল, কিন্তু তাত তেওঁ সেইবোৰ নাপালে; তেওঁ লেয়াৰ তম্বুৰ পৰা ওলাই ৰাহেলৰ তম্বুত সোমালগৈ।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন