সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰো পোৱা যায়।
প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়।
দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে।
ওফীৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদূৰ্য্য, আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়।
এফোদ আৰু বুকুপতাত লগাবৰ বাবে গোমেদক আৰু আন বহুমূল্য বাখৰ।
আৰু চতুৰ্থ শাৰীত এটা পান্না, গোমেদক, আৰু জ্যাসপাৰ। এই সকলোবোৰ সোণৰ ওপৰত খটোৱাব লাগিব।
আৰু চতুৰ্থ শাৰীত বৈদূৰ্য্য, গোমেদক আৰু সূৰ্যকান্ত আছিল; এই সকলো পাথৰ সোণত খটোৱা হ’ল।
ঈশ্বৰৰ বাৰী এদনত, তুমি আছিলা! সকলো বহুমূল্য পাথৰ তোমাৰ আৱৰণ আছিল: চুনী, পীতমণি, হীৰা, বৈদূৰ্য্য মণি, গোমেদক, সূৰ্যকান্ত, নীলকান্ত, পদ্মৰাগ আৰু মৰকত! আৰু সোণেৰে তোমাৰ খঞ্জৰী আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল! তুমি সৃষ্টি হোৱা দিনাই, সেইবোৰ তুমি আৱৰণ কৰিবলৈ তোমাৰ বাবে যুগুত কৰা হৈছিল!
সেই মান্না ধনীয়া গুটিৰ নিচিনা আৰু তাৰ বৰণ গুগগুলুৰ বৰণৰ নিচিনা আছিল।