চাওঁক, পলাই যাবলৈ হ’লে যথেষ্ট কাষতে সেইখন সৰু চহৰ আছে। প্রাণ ৰক্ষাৰ বাবে মোক তালৈকে পলাই যাবলৈ দিয়ক। ই জানো সৰু নহয়? তাতেই মোৰ প্ৰাণ ৰক্ষা পৰিব।”
সেয়ে তুমি ক’বা যে, তুমি মোৰ ভনী হয়। তাতে তোমাৰ কাৰণে মোলৈ ভাল হ’ব পাৰে আৰু মোৰ প্ৰাণো ৰক্ষা পৰিব পাৰে।”
চাওঁক, আপোনালোকৰ দৃষ্টিত আপোনালোকৰ এই দাসে অনুগ্ৰহ পাইছো আৰু মোৰ জীৱন ৰক্ষা কৰাত আপোনালোকে মোলৈ দয়াও দেখুৱালে; কিন্তু মই পাহাৰটোলৈ পলাই যাব নোৱাৰোঁ; কিয়নো মই গৈ পোৱাৰ আগেয়ে হয়তো সেই বিপদ আহি পৰিব আৰু মই মৰিম।
তেতিয়া দূতে ক’লে, “বাৰু, মই তোমাৰ এই অনুৰোধ ৰাখিলোঁ। যি চহৰখনৰ কথা তুমি ক’লা, তাক মই ধ্বংস নকৰোঁ;
পাছত লোটৰ চোৱৰত থাকিবলৈ সাহস নহ’ল আৰু সেয়ে তেওঁ জীয়েক দুজনীক লগত লৈ চোৱৰৰ পৰা ওলাই পাহাৰত বাস কৰিবলৈ উঠি গ’ল; তাত তেওঁ জীয়েক দুজনীৰে সৈতে এটা গুহাত বাস কৰিলে।
মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰোঁ; তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক।
মনোযোগ দিয়া আৰু মোৰ ওচৰলৈ আহাঁ! শুনা, তাৰ দ্বাৰাই তোমালোকৰ প্ৰাণ যেন সজীব হয়! মই নিশ্চয় তোমালোকৰ সৈতে অনন্তকলীয়া চুক্তি, দায়ূদক দিয়া বিশ্ৱাসযোগ্য নিয়মৰ চুক্তি স্থাপন কৰিম।
কিন্তু যিৰিমিয়াই ক’লে, “তেওঁলোকে আপোনাক সমৰ্পণ নকৰিব। বিনয় কৰোঁ, যি বিষয়ে মই আপোনাক কৈছোঁ, সেই বিষয়ে আপুনি যিহোৱাৰ বাক্যলৈ কাণ দিয়ক; তাতে আপোনাৰ মঙ্গল হ’ব, আৰু আপোনাৰ প্ৰাণ বাচিব।
নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে?