Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 17:13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তোমাৰ ঘৰত জন্ম হোৱা পুৰুষ আৰু তুমি কিনি লোৱা সকলো পুৰুষৰে চুন্নৎ হ’বই লাগিব; এইদৰে তোমালোকৰ শৰীৰত মোৰ বিধি চিৰকালৰ এক নিয়ম হ’ব।

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

অব্ৰামে যেতিয়া শুনিলে যে তেওঁৰ আত্মীয়ক বন্দী কৰি লৈ গৈছে, তেতিয়া তেওঁ প্রশিক্ষণ প্রাপ্ত তেওঁৰ গৃহতেই জন্ম হোৱা তিনি শ ওঠৰ জন দাসক লৈ শত্রুবোৰৰ পাছে পাছে দানলৈকে খেদি গ’ল।

অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।”

এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।

কাৰণ সি আমাৰ নিজৰে ভাই আৰু আমাৰ মঙহো। সেয়ে তাৰ শৰীৰত হাত নিদি বৰং আহাঁ, আমি তাক এই ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰোঁ।” ককায়েকসকল তেওঁৰ এই কথাত মান্তি হ’ল।

আনফালে, সেই মিদিয়নীয়াসকলে যোচেফক মিচৰ দেশলৈ লৈ গৈ পোটিফৰৰ ওচৰত বিক্রি কৰিলে। পোটিফৰ আছিল ফৰৌণ ৰজাৰ এজন বিষয়া, ৰক্ষকৰ প্রধান সেনাপতি।

যোচেফক মিচৰ দেশলৈ লৈ যোৱা হ’ল। ইশ্মায়েলীয়াসকলে যোচেফক মিচৰ দেশলৈ আনিছিল আৰু তাত ফৰৌণ ৰজাৰ পোটিফৰ নামৰ এজন মিচৰীয় বিষয়াই যোচেফক তেওঁলোকৰ পৰা কিনি লৈছিল। পোটিফৰ ফৰৌণ ৰজাৰ ৰক্ষক-সেনাপতি আছিল।

মেঘত যেতিয়া মেঘধনু ওলাব, তেতিয়া মই তাক দেখি পৃথিৱীৰ সকলো প্ৰাণীৰ কাৰণে মোৰ এই চিৰস্থায়ী নিয়মৰ কথা মই সোঁৱৰণ কৰিম।”

যদিও আমাৰ শৰীৰৰ মাংস আৰু তেজ আমাৰ ভাইসকলৰ দৰেই একে, আৰু আমাৰ সন্তান সকলৰ দৰেই তেওঁলোকৰো সন্তান সকল একে। তথাপিও আমাৰ ল’ৰা-ছোৱালীক দাসত্বত বিক্রী কৰিবলৈ আমি বাধ্য। আমাৰ ছোৱালীসকলৰ মাজৰ কেইজনীমানক ইতিমধ্যে দাস কামৰ বাবে দিয়া হ’ল। কিন্তু এই ক্ষেত্রত সহায় কৰিবলৈ আমাৰ একো উপায় নাই, কাৰণ আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰ আন লোকৰ হ’ল।

আৰু তেওঁলোকক ক’লোঁ, “দেশবোৰলৈ বিক্রী কৰা আমাৰ যিহুদীসকলক আমি সাধ্য অনুসাৰে মুকলি কৰি আনিলোঁ, কিন্তু তাৰ উপৰিও আপোনালোকে আপোনালোকৰ ভাই-ভনীসকলক বিক্রী কৰি আছে, সেই সকলক হয়তো আমালৈকে ঘূৰাই বিক্রী কৰিছে!” তাতে তেওঁলোক নিমাত হ’ল, আৰু একো উত্তৰ দিব নোৱাৰিলে।

অৱশ্যে ইস্ৰায়েলী লোকৰ প্ৰতিজন ধন দি কিনা বন্দীক যদি চুন্নৎ কৰা হৈছে, তেতিয়া তেৱোঁ ভোজন কৰিব পাৰিব।

কোনোৱে যদি কোনো মানুহক অপহৰণ কৰি বিক্রী কৰে বা সেই মানুহক যদি অপহৰণকাৰীৰ হাতত পোৱা যায়, তেনেহ’লে তেওঁৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।

‘তুমি যদি কোনো ইব্ৰীয়া দাস কিনি লোৱা, তেওঁ ছয় বছৰৰ বাবে সেৱা কৰিব; কিন্তু সপ্তম বছৰত তেওঁ বিনামূল্যে মুক্ত হৈ যাব।

যদি তেওঁৰ মালিকে তেওঁক বিয়া কৰাই দিয়ে, আৰু তেওঁ ল’ৰা বা ছোৱালী জন্ম দিয়ে, তেনেহ’লে সেই ভাৰ্যা আৰু তেওঁৰ সন্তান সকল মালিকৰ স্বত্বত থাকিব, আৰু তেওঁ নিজেই মুক্ত হৈ যাব লাগিব।

কিন্তু যদি পুৰোহিতে ধন দি কোনো লোকক কিনি লয়, তেন্তে তেওঁ যিহোৱাৰ বাবে ৰখা অংশৰ পৰা ভোজন কৰিব পাৰিব; আৰু তেওঁৰ ঘৰৰ উপজা লোকসকল আৰু চাকৰসকলেও তেওঁৰ সৈতে আহাৰ খাব পাৰিব।

কিন্তু পৰিশোধ কৰিবলৈও তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন