সেয়ে তুমি ক’বা যে, তুমি মোৰ ভনী হয়। তাতে তোমাৰ কাৰণে মোলৈ ভাল হ’ব পাৰে আৰু মোৰ প্ৰাণো ৰক্ষা পৰিব পাৰে।”
অব্ৰাম আৰু নাহোৰ এই দুজনেই বিয়া কৰিছিল। অব্ৰামৰ ভার্য্যাৰ নাম আছিল চাৰী আৰু নাহোৰৰ ভার্য্যাৰ নাম আছিল মিল্কা; তেওঁ হাৰণৰ জীয়েক আছিল। সেই হাৰণ মিলকা আৰু যিচকাৰ পিতৃ আছিল।
অব্ৰাম যেতিয়া মিচৰ দেশত সোমাল, তেতিয়া মিচৰীয়াসকলে চাৰীক অতি সুন্দৰী দেখিলে।
তাত অব্ৰাহামে নিজৰ ভাৰ্যা চাৰাৰ বিষয়ে ক’লে, “এওঁ মোৰ ভনী।” সেয়ে সেই ঠাইৰ ৰজা অবীমেলকে মানুহ পঠাই চাৰাক লৈ গ’ল।
সেই লোকজনে জানো নিজেই মোক কোৱা নাছিল ‘তাই মোৰ ভনী’ বুলি? এনেকি সেই মহিলাগৰাকীয়েও কৈছিল, ‘তেওঁ মোৰ ককাই’ বুলি। মই মোৰ সৰল মনেৰে আৰু নির্দোষী হাতেৰেহে এই কাম কৰিলোঁ।”
সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে “মোৰ ভার্য্যা বুলি” পৰিচয় নিদিলে।
তুমি কাৰ বিষয়ে চিন্তিত আৰু ভয় কৰিছা যে, তুমি অতি প্রতাৰণাপূৰ্বক কাৰ্য কৰিছা? তুমি মোক সোঁৱৰণ কৰা নাই বা মোৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰা নাই। মই বহুদিনৰ পৰা নিজম দি থকা নাই নে? কিন্তু তথাপিও তুমি মোক গম্ভীৰভাৱে লোৱা নাই।
তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “বাহিনীসকলৰ ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যে, তুমি যদি বাহিৰ ওলাই বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ ওচৰলৈ যোৱা, তেন্তে তোমাৰ প্ৰাণ থাকিব, আৰু এই নগৰ জুইৰে পোৰা নহ’ব আৰু তুমি সপৰিবাৰে জীয়াই থাকিবা।
কিন্তু যিৰিমিয়াই ক’লে, “তেওঁলোকে আপোনাক সমৰ্পণ নকৰিব। বিনয় কৰোঁ, যি বিষয়ে মই আপোনাক কৈছোঁ, সেই বিষয়ে আপুনি যিহোৱাৰ বাক্যলৈ কাণ দিয়ক; তাতে আপোনাৰ মঙ্গল হ’ব, আৰু আপোনাৰ প্ৰাণ বাচিব।
চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!
চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।
কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।
এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ আহে;