কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।
কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল।
প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়।
যেতিয়া চিবা দেশৰ ৰাণীয়ে শুনিলে যে, যিহোৱাৰ নামৰ দ্বাৰাই চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেওঁক কঠিন প্ৰশ্নৰ দ্বাৰাই পৰীক্ষা কৰিবলৈ তেওঁ আহিল।
কুচৰ পুত্ৰ চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান।
এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।”
তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
আৰবৰ বিষয়ে ঘোষণা। হে দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব।
কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কুচ আৰু চিবা দিলোঁ
দদানৰ লোকসকলেও তোমাৰ বেপাৰী আছিল। অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল। তেওঁলোকে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অবলুচ কাঠ তোমালোকৰ লগত সলনি কৰিছিল।
ঘোঁৰাত উঠিবৰ কাৰণে জীন কাপোৰৰ, দদান তোমাৰ ব্যৱসায়ী আছিল।
চিবাৰ আৰু ৰয়মাৰ বেপাৰীসকলে তোমাক সকলো বিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য আৰু সকলো বিধৰ বহুমূল্য পাথৰ বিক্রী কৰিবলৈ আহিছিল; তেওঁলোকে সোণৰ সলনি তোমাৰ বয়-বস্তবোৰৰ বেপাৰ কৰিছিল।