Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 ৰাজা 7:18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ঈশ্বৰৰ লোকে ৰজাক যি কৈছিলে সেইভাৱেই এই ঘটনাটো ঘটিল। তেওঁ কৈছিল, “অহাকালি এনে সময়ত চমৰিয়াৰ দুৱাৰ মুখত দুই চেয়া যৱ ধান এক চেকলত, আৰু এক চেয়া ময়দা এক চেকলত বেচা যাব।”

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।”

ইলীচা সেই সময়ত নিজৰ ঘৰত বহি আছিল আৰু তেওঁৰ লগত বৃদ্ধ নেতাসকলো আছিল। ৰজাই এজন মানুহক ইলীচাৰ ওচৰলৈ পঠালে। কিন্তু মানুহজন যেতিয়া ইলীচাৰ ওচৰলৈ আহিছিল, তেওঁ বৃদ্ধ লোকসকলক ক’লে, ‘আপোনালোকে দেখা নাইনে কেনেকৈ সেই নৰবধীৰ পুতেকে মোৰ মূৰ নিবলৈ এজন লোকক পঠাইছে? শুনক, মানুহজন যেতিয়া আহিব, আপোনালোকে দুৱাৰখন বন্ধ কৰি দিব আৰু তেওঁৰ বিৰুদ্ধে দুৱাৰখন বন্ধ কৰি ধৰি ৰাখিব; তেওঁৰ পাছে পাছে জানো তেওঁৰ প্ৰভুৰ ভৰিৰ শব্দও নহয়?

সেই সেনাপতিয়ে উত্তৰত ঈশ্বৰৰ লোকক কৈছিল, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” ইলীচাই কৈছিল, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”

মইয়ে যিহোৱা যি জনে নিজৰ দাসৰ কথা সিদ্ধ কৰে, আৰু নিজৰ দূতৰ পৰামৰ্শ সিদ্ধ কৰে, যি জনাই যিৰূচালেমৰ বিষয়ে কয়, ‘সেয়ে বসতিৰ ঠাই নহ’ব,’ আৰু যিহূদাৰ নগৰবোৰৰ বিষয়ে কয়, ‘সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ’ব, আৰু তাৰ বিধস্ত হোৱা ঠাইবোৰ পুনৰ স্থাপন কৰিম,




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন