তেতিয়া ঈশ্বৰৰ লোকে সুধিলে, “সেইখন ক’ত পৰিল?” সেই লোকে ঠাইডোখৰ দেখুৱাই দিয়াত ইলীচাই এডোখৰ কাঠ কাটি আনি পানীত পেলাই দিলে; তেতিয়া লোহা ডোখৰ পানীত ওপঙি উঠিল।
তেতিয়া ইলীচাই সেইখিনি লৈ পানীৰ ভুমুকৰ কাষলৈ ওলাই গ’ল আৰু তাত লোণখিনি পেলাই দি ক’লে, “যিহোৱাই এইদৰে কৈছে, ‘মই এই পানী বিশুদ্ধ কৰিলোঁ; এতিয়াৰ পৰা এই পানী খাই কাৰো মৃত্যু নহ’ব আৰু ভূমিৰ উৎপাদন শস্যও নষ্ট নহ’ব’।”
তেতিয়া ইলীচাই ক’লে, “অলপমান ময়দা লৈ আনা।” তেওঁ সেই ময়দাখিনি চৰুত পেলাই দি ক’লে, “এতিয়া এইখিনি লোকসকলে খাবৰ কাৰণে তেওঁলোকৰ মাজত বাকি দিয়া।” তাতে চৰুত ক্ষতিকাৰক একোৱেই নাথাকিল।
তেওঁলোকৰ মাজৰ এজনে যেতিয়া গছ কাটি আছিল, তেতিয়া তেওঁৰ কুঠাৰখন সুলকি গৈ পানীত পৰিল; তাতে তেওঁ চিঞঁৰ মাৰি ক’লে, “হায় হায়! হে প্ৰভু, মই এইখন আনৰ পৰা খুজি আনিছিলো!”
ইলীচাই তেওঁক ক’লে, “সেইটো তুলি লোৱা।” তাতে তেওঁ হাত মেলি তাক ল’লে।
তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আৰু যিহোৱাই তেওঁক এজোপা গছ দেখুৱালে। তেওঁ তাকে আনি পানীত পেলাই দিলে, আৰু পানী খাবলৈ মিঠা হ’ল। সেই ঠাইতে যিহোৱাই তেওঁলোকৰ অৰ্থে এটা কঠোৰ বিধি আৰু শাসন-প্রণালী দিলে। সেই ঠাইতে যিহোৱাই তেওঁলোকক পৰীক্ষা কৰিলে।