Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 ৰাজা 6:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া এজন শিষ্য-ভাৱবাদীয়ে ক’লে, “আপুনিও আপোনাৰ দাসবোৰৰ লগত ব’লক।” ইলীচাই কলে, “ঠিক আছে, ময়ো যাম।”

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

কিন্তু ল’ৰাৰ মাকে ক’লে, “জীৱিত যিহোৱা আৰু আপোনাৰ শপত খাই কওঁ, মই আপোনাক এৰি নাযাওঁ।” সেয়ে ইলীচাই উঠি মহিলাগৰাকীৰ পাছে পাছে যাবলৈ ধৰিলে।

তাতে নামানে ক’লে, “আপুনি যদি দুই কিক্কৰ লয়, তাতো মই অতি সুখী হ’ম।” এই বুলি নামানে দুযোৰ কাপোৰ আৰু দুটা বস্তাত দুই কিক্কৰ ৰূপ বান্ধি নিজৰ দুজন দাসক কঢ়িয়াই নিবলৈ দিলে; তেওঁলোকে সেইবোৰ লৈ গেহজীৰ আগে আগে গ’ল।

আপুনি অনুগ্রহ কৰি অনুমতি দিলে আমি যৰ্দ্দন নদীৰ কাষলৈ গৈ প্ৰতিজনে এডালকৈ গছ কাটি সেই ঠাইতে আমি থাকিবলৈ এডোখৰ ঠাই যুগুত কৰিম।” তাতে ইলীচাই ক’লে, “বাৰু, তোমালোক আগুৱাই যোৱা।”

এইদৰে তেৱোঁ তেওঁলোকৰ লগত গ’ল। তেওঁলোকে যৰ্দ্দনৰ ওচৰলৈ গৈ গছ কাটিবলৈ ধৰিলে।

এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ।

মোচিয়ে তেওঁক ক’লে, “যদি আপুনি স্বয়ং মোৰ লগত নাযায়, তেনেহ’লে আমাক ইয়াৰ পৰা লৈ নাযাব।

তেতিয়া তেওঁলোক দুয়োজনে একে-লগে বহি ভোজন পান কৰিলে আৰু সেই যুৱতীৰ বাপেকে ক’লে মিনতি কৰোঁ, “অনুগ্ৰহ কৰি তুমি এই ৰাতিও থাকি মন প্ৰফুল্লিত কৰা।”

তেতিয়া বাৰাকে দাবোৰাক ক’লে, “আপুনি যদি মোৰ লগত যায়, তেতিয়াহে মই যাম; কিন্তু যদি আপুনি নাযায়, তেনেহ’লে মই নাযাওঁ।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন