Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 ৰাজা 4:39

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া তেওঁলোকৰ মাজৰ এজনে শাক তুলি আনিবৰ কাৰণে পথাৰলৈ গ’ল। তেওঁ ফলেৰে ভৰা বনৰীয়া লতা দেখা পাই তাৰ ফল ছিঙি কোঁচত ভৰাই আনিলে; তাৰ পাছত সেইবোৰ কাটি চুৰুহাত দিলে; কিন্তু সেইবোৰ কি আছিল, তাক তেওঁলোকে নাজানিলে।

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

এদিনাখন যাকোবে দাইল ৰান্ধিছিল; তেনে সময়তে এচৌ পথাৰৰ পৰা উলটি আহিছিল আৰু তেওঁ বৰ ক্লান্ত হৈ পৰিছিল।

গৃহৰ ভিতৰ ভাগত এৰচ কাঠ লগোৱা হৈছিল, তাতে লতা জাতীয় গছ আৰু ফুল অংকিত কৰা হৈছিল। ভিতৰ ভাগৰ গোটেই অংশত এৰচ কাঠহে আছিল। তাত কোনো শিলেৰে কৰা কাৰ্য দেখা নগ’ল।

তাৰ পাছত ইলীচা পুনৰ গিলগললৈ ঘূৰি গ’ল; সেই সময়ত সেই ঠাইত আকাল হৈছিল; তেতিয়া শিষ্য ভাববাদীসকলৰ এটা দল তেওঁৰ আগত বহি আছিল; তেওঁ নিজৰ দাসক ক’লে, “ডাঙৰ চৰুটো জুইৰ ওপৰত বহাই দি শিষ্য-ভাৱবাদীৰ দলটোৰ কাৰণে আঞ্জাৰে চুৰুহা ৰান্ধা।”

পাছত তেওঁলোকে সেই আঞ্জা লোক সমূহক খাবলৈ বাকি দিলে; কিন্তু লোক সকলে সেই আঞ্জা মুখত দিয়া মাত্ৰকে চিঞৰি উঠিল, “হে ঈশ্বৰৰ লোক, চৰুত মৃত্যু আছে!” তেওঁলোকে সেই আঞ্জা পুনৰ খাব নোৱাৰিলে।

জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; আৰু যি জনে বেগেৰে যায়, তেওঁ পথ হেৰুৱাই।

মই মোৰ দ্ৰাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাতিলোঁ হেতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে, কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল?

তথাপি মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, সকলোভাবে প্ৰকৃত গুটি বুলি ৰুইছিলোঁ; তেন্তে তুমি কেনেকৈ মোৰ গুৰিত বিজাতীয় দ্ৰাক্ষালতাৰ নৰম ডালত পৰিবৰ্ত্তন হলা?

যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ গছপুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভালি পেলোৱা যাব।

পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন