Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 ৰাজা 4:37

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া মহিলাগৰকী সোমাই আহি তেওঁৰ ভৰিত পৰিল আৰু মাটিত মুখ দি উবুৰি হৈ তেওঁক প্ৰণিপাত কৰিলে। তাৰ পাছত পুতেকক তুলি লৈ তেওঁ বাহিৰলৈ ওলাই গ’ল।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যোচেফে ইস্ৰায়েলৰ আঠু দুটাৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিলে, আৰু মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।

তেতিয়া সেই মহিলাগৰাকীয়ে এলিয়াক ক’লে, “এতিয়া মই জানিলোঁ যে, আপুনি ঈশ্বৰৰ লোক আৰু আপোনাৰ মুখত থকা যিহোৱাৰ বাক্যও সত্য।”

যিৰীহোৰ শিষ্য ভাববাদীসকলৰ দলটোৱে যেতিয়া ইলীচাক দেখা পালে, তেতিয়া তেওঁলোকে ক’লে, “এলিয়াৰ আত্মা ইলীচাৰ ওপৰত স্থিতি লৈছে!” সেইবাবে, তেওঁলোকে ইলীচাক সাক্ষাৎ কৰিবলৈ আহিল আৰু তেওঁৰ সন্মুখত মাটিত উবুৰি হৈ পৰি প্ৰণিপাত কৰিলে।

পাছত তেওঁ কর্ম্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকজনৰ ওচৰ পাই তেওঁৰ ভৰিত খামোচি ধৰিলে। তাতে তেওঁক আঁতৰাই আনিবলৈ গেহজী ওচৰ চাপি অহাত, ঈশ্বৰৰ লোকে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া; কিয়নো তেওঁৰ মন বিষাদেৰে ভৰা; কিন্তু যিহোৱাই মোৰ পৰা তাক গুপুতে ৰাখিছে, মোক একোকে নজনালে।”

তেতিয়া ইলীচাই গেহজীক মাতি ক’লে, “চূনেমীয়ানীক মাতা!” তাতে গেহজীয়ে তেওঁক মাতি আনিলে। মহিলাগৰাকী কোঁঠালিটোলৈ অহাত ইলীচাই ক’লে, “তোমাৰ ল’ৰাটিক লোৱা।”

তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন