তেওঁ গিৰীয়েকক মাতি ক’লে, “আপুনি এতিয়াই এজন দাস আৰু এটা গাধ মোৰ ওচৰলৈ পঠাই দিয়ক। মই তৎক্ষণাত ঈশ্বৰৰ লোকজনৰ ওচৰলৈ গৈ আকৌ ঘূৰি আহিম।”
তেতিয়া মাকে ল’ৰাটিক ওপৰলৈ নি ঈশ্বৰৰ লোকজনৰ বিচনাত শুৱাই থলে। তাৰ পাছত দুৱাৰ বন্ধ কৰি তেওঁ বাহিৰলৈ ওলাই আহিল।
তেওঁৰ গিৰিয়েকে ক’লে, “তুমি তেওঁৰ ওচৰলৈ আজিয়েই কিয় যাব বিচাৰিছা? আজিটো ন-জোন নহয়, বিশ্ৰামবাৰও নহয়।” তেওঁ উত্তৰ দি’লে, “তাতে ভালেই হ’ব।”
তাৰ পাছত তেওঁ গাধৰ ওপৰত আসন সজাই নিজৰ দাসক ক’লে, “সোনকালে চলাই নিয়া; মই নকওঁমানে তুমি লাহে লাহে নচলাবা।”
তুমি দৌৰি তেওঁৰ ওচৰলৈ যোৱা আৰু সোধা যে, ‘আপুনি, আপোনাৰ স্বামী আৰু আপোনাৰ ল’ৰাটি সকলোৱে কুশলে আছে নে?’ তাই উত্তৰ দি’লে, “হয় ভালে আছে।”
সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, “প্ৰভু, চাওকহি, আপুনি যাক প্ৰেম কৰে, তেওঁ নৰিয়াত পৰি আছে।”
তাতে লুদ্দা নগৰ যাফোৰ ওচৰ হোৱাত, আৰু পিতৰো তাতে আছে বুলি শুনি, শিষ্য সকলে তেওঁৰ ওচৰলৈ দুজন মানুহ পঠিয়াই মিনতি কৰালে, বোলে, “পলম নকৰি আমাৰ ইয়ালৈ আহক।”