2 ৰাজা 25:14ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ শলিতা পৰিস্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন-আন সকলো বস্তুও লৈ গ’ল। অধ্যায়টো চাওক |
কাম কৰি এটোৱাৰ পাছত, তেওঁলোকে বাকী থকা ৰূপখিনি ৰজা আৰু যিহোয়াদাৰ আগলৈ আনিলে৷ তাৰ দ্বাৰাই যিহোৱাৰ গৃহৰ বাবে নানা পাত্ৰ, অৰ্থাৎ পৰিচৰ্যা কৰা পাত্ৰ আৰু হোম কৰা পাত্ৰ আৰু পিয়লা আদি সোণৰ আৰু ৰূপৰ পাত্ৰ সজা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। আৰু যিহোয়াদাৰ দিনৰ সকলো সময়তে যিহোৱাৰ গৃহত সদায় হোম-বলি দিয়া হৈছিল।